দীৰ্ঘ দিনৰ বিৰতিৰ মূৰত চিলাপথাৰত প্ৰজ্ঞাজ্যোতি সংগীত মহাবিদ্যালয়ৰ উদ্যোগত মঞ্চস্থ হ'ল দুখনকৈ নাটক ; নাট্য প্ৰেমী ৰাইজৰ ব্যাপক সহাঁৰিঃ

চিলাপথাৰৰ অন্যতম সাংস্কৃতিক শিক্ষাৰ অনুষ্ঠান প্ৰজ্ঞাজ্যোতি সংগীত মহাবিদ্যালয়ৰ উদ্যোগত তথা মাজগাঁও উদয়ন যুৱ সংঘৰ সহযোগত দীৰ্ঘ দিনৰ বিৰতিৰ মূৰত আজি চিলাপথাৰত দুখনকৈ পূৰ্ণাংগ নাটক মঞ্চস্থ কৰা হয় । নাটক দুখন হ'ল ক্ৰমে মৃদুল হাজৰিকাৰ পৰিকল্পনা আৰু পৰিচালনাৰে ঋতুপৰ্ণ দাসৰ নাট ' অন্তৰ্যুদ্ধ ' আৰু নৃপেন বৰঠাকুৰৰ ৰচনা আৰু পৰিচালনাৰে শিশু নাট ' ঢেম ঢেম ৰেঢেম ঢেম ' । প্ৰতিকুল বতৰকো নেওচি চিলাপথাৰৰ মাজগাঁও আঞ্চলিক ৰাসমঞ্চত অনুষ্ঠিত হোৱা নাটক দুখনি চাবলৈ দেখা গ'ল নাট্য প্ৰেমী ৰাইজৰ ব্যাপক সহাঁৰি । নাটক আৰম্ভ হোৱাৰ আগে আগে স্হানীয় কেইজনমান ছাত্ৰ ছাত্ৰীয়ে প্ৰদৰ্শন কৰা কেইটিমান নৃত্যই উপস্থিত ৰাইজক আপ্লুত কৰে । ইয়াৰ পাছত নাটকৰ মঞ্চ উদ্ধোধন কৰে চিলাপথাৰৰ বিশিষ্ট ঢুলীয়া ৰাজীৱ গগৈয়ে ।