চৰাইদেউৰ মথুৰাপুৰত ব্যতিক্ৰমী ৰূপত কাতি বিহু উদযাপন

কাতি বিহুৰ উপলক্ষত মথুৰাপুৰত তুলসী পুলি আৰু মাটিৰ চাকি বিতৰণ 

কাতি বিহুৰ উপলক্ষে আজি মথুৰাপুৰত চ’চিয়েল ৱেলফেয়াৰ গ্ৰুপৰ প্ৰশংসনীয় পদক্ষেপ৷মাটি চাকি আৰু তুলসীৰ পুলি বিতৰণ কৰিলে ৰাইজক৷ কাতি বা কঙালী বিহুৰ  ঐতিহ্য আৰু পৰম্পৰা ধৰি ৰখাৰ লগতে নৱ প্ৰজন্মৰ মাজত প্ৰচাৰ বৃদ্ধি কৰা উদ্দেশ্য   এক ব্যতিক্ৰমী পদক্ষেপ হাতত ল’লে  চৰাইদেউ জিলাৰ মথুৰাপুৰ অঞ্চলৰ এটা স্বেচ্ছাসেৱী অনুষ্ঠানে ।স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে  ৰাইজৰ মাজত বিতৰন কৰে শতাধিক  মাটিৰ চাকি,তুলসী পুলি ৷এই কাৰ্যসূচীত গ্ৰুপ’টোৰ উপদেষ্টা যুগল বৰগোহাঁই,ৰাধু চৌধুৰী,জুৱেদ আলি সদস্য ক্ৰমে প্ৰণৱ বৰগোহাঁই,বাসুদেৱ কুমাৰ,ৰঘু ৰাজ কোঁৱৰ নিমনাগড় পঞ্চায়ত সভাপতি পূৰ্ণজিত ফুকন আৰু সমাজকৰ্মী অতুল ৰাজকোঁৱৰৰে অংশগ্ৰহণ কৰে।