অনুষ্ঠানত উপস্থিত থাকি তেওঁ কয়, ভাৰত ৰত্ন গোপীনাথ বৰদলৈদেৱৰ ওচৰত অসম চিৰ ঋণী। তেখেতৰ নিৰ্ণায়ক ভূমিকাৰ বাবেই অসম ভাৰতৰ এক অপৰিহাৰ্য অংগ হিচাপে পৰিচিত হৈছিল। গ্ৰুপিং নীতিৰ বিৰুদ্ধে তেখেতে গুৰুত্বপূৰ্ণ ভূমিকা পালন নকৰিলেও অসম পূৰ্বৰ পূব পাকিস্তান আৰু এতিয়া বাংলাদেশৰ সৈতে সংযুক্ত হ’লহেঁতেন। স্বাধীনতাৰ ৭৫ বছৰীয়া জয়ন্তী উদযাপন কৰা আমাৰ দেশৰ স্বাধীনতাতো তেখেতে এক মহৎ ভূমিকা পালন কৰিছিল। অসমৰ স্বকীয় পৰিচয় প্ৰদান কৰা বৰদলৈদেৱলৈ ৰাজ্যবাসীৰ হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ পাই আমি অত্যন্ত সৌভাগ্যশালী হিচাপে অনুভৱ কৰিছোঁ।

Sponsored

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

উক্ত অনুষ্ঠানতে মুখ্যমন্ত্ৰী গৰাকীয়ে আলাবৈ ৰণৰ শ্বহীদসকলকো গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে, য'ত আহোম সৈন্যই নিজৰ শৌৰ্য প্ৰদৰ্শন কৰি দেশপ্ৰেমৰ অতুলনীয় স্বাক্ষৰ বহন কৰিছিল।

আজিৰ এই অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ শ্ৰীমৃগেন শৰণীয়া, উপ-পৌৰপতি শ্ৰীস্মিতা ৰায়, গোপীনাথ বৰদলৈদেৱৰ পুত্ৰ শ্ৰীবলিন বৰদলৈৰ লগতে আন ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকে।