মাজুলী চাপৰিত ৫টাকৈ গঁড়ৰ মুক্ত বিচৰণ

◆নামনি মাজুলী আৰু দক্ষিণ মাজুলীত ৫টাকৈ গঁড়ৰ মুক্ত বিচৰণ।

◆দক্ষিণ মাজুলী অযোধ্যা চাপৰি , কুমলীয়া চাপৰিতত 2টা বটুৱা চাপৰিত ১টা আৰু নামনি মাজুলীৰ কেৰেলা চাপৰিত ২টাকৈ গঁড় বিচৰণ কৰিছে।

◆চৰ চাপৰি সমূহৰ পৰা নিশা জনাঞ্চলত প্ৰৱেশ কৰে গঁড় কেইটা ।

◆মাজুলীৰ বন বিভাগৰ লোকে গঁড় কেইটা সুৰক্ষা প্ৰদানত দিনে নিশাই পহৰা দি আছে ।

◆দুৰ্গম চৰ চাপিৰি হোৱা হেতুকে কাজিৰঙালৈ খেদি পঠিওৱাত ব্যৰ্থ হৈছে মাজুলীৰ বন বিভাগ।

◆দক্ষিণ মাজুলীত ৪ জন বনকৰ্মীয়ে গঁড় সুৰক্ষাত বিগত এমাহ দিন ধৰি নিয়োজিত হৈ আছে।

◆মাজুলীত এটা গঁড় বিগত 7মাহে মাজুলীৰ ভিন্ন চাপৰিতে আশ্ৰয় গ্ৰহণ কৰি আছে।

◆এতিয়া পুনৰ 4টা গঁড় মাজুলীত প্ৰৱেশ কৰিছে ।

◆মাজুলীত বৰ্তমান ৫টা গঁড় চৰ চাপৰি সমূহত আশ্ৰয় গ্ৰহণ কৰি আছে ।