# মাতমৰা আঞ্চলিক সমিতিৰ উদ্যোগত ৫১ সংখ্যক টাকাম মিচিং পৰিণ কেবাংৰ প্ৰতিষ্ঠা দিৱস পালন #ঢকুৱাখনা মহকুমাৰ বিভিন্ন প্ৰান্তৰ লগতে মাতমৰা আঞ্চলিক সমিতিৰ উদ্যোগত অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী মিছিং সকলৰ একমাত্ৰ ছাত্ৰ সংগঠন টাকাম মিচিং পৰিণ কেবাং চমুকৈ টি এম পি কে ৰ আজি কাৰপুম পুলি প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৫১ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয় l কাৰ্যসূচী অনুসৰি প্ৰথম দিনা পুৱা ৭ বজাত সামূহিক চাফাই, দ্বিতীয় দিনা পুৱা ৮ বজাত ক্ৰীড়া প্ৰতিযোগিতা উদ্বোধন কৰে মিচিং মিমাক কৗবা মাতমৰা আঞ্চলিক সমিতিৰ উপ-সভাপতি শিৱন্ত দলে৷তৃতীয় দিনাখন পুৱা ৭ বজাত বৃক্ষ ৰোপণ কৰে মিচিং মিমাক কৗবাং মাতমৰা আঞ্চলিক সমিতিৰ সম্পাদক নৰেন পেগু,পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি দিলীপ দলেই,শ্বহীদ তৰ্পণ কৰে টাকাম মিচিং পৰিণ কৗবাংৰ মাতমৰা আঞ্চলিক সমিতিৰ সম্পাদক ৰোহিত দলে৷পুৱা ৯ বজাত সাহিত্য প্ৰতিযোগিতাখন উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী বিৰিঞ্চি কুমাৰ পেগুৱে৷পুৱা ১১ বজাত সাংস্কৃতিক প্ৰতিযোগিতা উদ্বোধন কৰে মিচিং মিমাক কৗবাংৰ মাতমৰা আঞ্চলিক সমিতিৰ উপদেষ্টা ডেনী পেগুৱে৷তাৰ পিছত কৃতি শিক্ষক আৰু আদৰ্শ খেতিয়কক সম্বধৰ্না জনোৱা হয়৷ মুকলি সভাখন উদ্বোধন কৰে ঢকুৱাখনা জিলা সমিতি টাকাম মিচিং পৰিণ কেবাংৰ ক্ৰীড়া সম্পাদক অমৰজিৎ দলেই দুলেন পেগুৰ সভাপতিত্ব অনুষ্ঠিত হোৱা সভাখন সঞ্চালনা কৰে দিলীপ দলেই৷ নিদিৰ্ষ্ট বক্তা ৰূপে উপস্থিত থাকে মিচিং মিমাক কেবাং কেন্দ্ৰীয় সমিতিৰ সদস্য নাথুৰাম পেগুৱে৷মুখ্য অতিথি ৰাজকুমাৰী লাগাচু, বিশিষ্ট অতিথি বিজয়া দলে,দৰ্পণা দলে,দিপালী পেগু, সন্মানীয় অতিথি অৱসৰ প্ৰাপ্ত শিক্ষক হৰেন দলে, মাধৱগিৰি দলে,সমাজকৰ্মী নৱ দলে,উলেং পেগু,জীৱন দলে,আমন্ত্ৰিত অতিথি জবাৰাণী দলে,কৃপাজিৎ দলে,অভিজিৎ দলে,প্ৰিয়নাথ পেগু,অজিত পেগুৰ লগতে বহুসংখ্যক ।বিশিষ্ট ব্যক্তি উপস্থিত থাকি দিনটো মিচিং নৃত্যগীতেৰে জীপালহৈ পৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
I'll contest from Waghodia Assembly seat, says BJP MLA Madhu Srivastava ahead of Gujarat polls
I'll contest from Waghodia Assembly seat, says BJP MLA Madhu Srivastava ahead of Gujarat polls
पेट्रोलियम डीलर्स एसोसिएशन ने उठाई अपराधियों को पकड़ने की मांग
पेट्रोलियम डीलर्स एसोसिएशन ने उठाई अपराधियों को पकड़ने की मांग
बूंदी। पेट्रोलियम डीलर्स एसोसिएशन...
ડીસામાં જીલ્લાકક્ષાના 74 માં પ્રજાસત્તાક પર્વની ઉજવણી કરાઇ
ડીસામાં જિલ્લાકક્ષામાં 74 માં પ્રજાસત્તાક પર્વની ઉત્સાહભેર ઉજવણી કરવામાં આવી હતી. રાજ્ય સરકારના...
मारुति और Toyota को चुनौती देने Hyundai कर रही Hybrid Cars की तैयारी, जानें कब तक होगी पेश
साउथ कोरियाई वाहन निर्माता Hyundai भारतीय बाजार में कई बेहतरीन वाहनों को ऑफर करती है। लेकिन...
જસદણ તાલુકાનો કર્ણુકી ડેમ ઓવરફલો, ડેમ ના 10 દરવાજા 7 ફૂટ ખોલવામાં આવ્યા 3 ગામોને કરાયા એલર્ટ
જસદણ તાલુકાનો કર્ણુકી ડેમ ઓવરફલો, ડેમ ના 10 દરવાજા 7 ફૂટ ખોલવામાં આવ્યા 3 ગામોને કરાયા એલર્ટ...