চলিত বৰ্ষৰ গ্লোবেল হাংগাৰ ইণ্ডেক্সত পুনৰ এবাৰ অৱনমিত হ’ল ভাৰত। ১২১খন দেশৰ ভিতৰত ভাৰতে লাভ কৰিছে ১০৭ নম্বৰ স্থান।
শেহতীয়াকৈ প্ৰকাশ পোৱা এই তালিকাত ভাৰততকৈ শীৰ্ষত আছে চুবুৰীয়া দেশ পাকিস্তান, বাংলাদেশ, নেপাল আৰু শ্ৰীলংকা।
ক্ষুধা আৰু পুষ্টিহীনতাক অনুসৰণ কৰা গ্লোবেল হাংগাৰ ইণ্ডেক্সৰ ৱেবছাইটে শনিবাৰে প্ৰকাশ কৰা অনুসৰি চীন, তুৰ্কী, কুৱেইটকে ধৰি ১৭খন দেশে পাঁচতকৈ কম জিএইচআই নম্বৰ লাভ কৰি শীৰ্ষস্থানত আছে।
উল্লেখ্য যে বিগত বৰ্ষত ভাৰতৰ স্থান ১০১ আছিল। কিন্তু এইবাৰ ভাৰতৰ স্থান অৱনমিত হোৱাত বিজেপি চৰকাৰক লক্ষ্য কৰি লৈছে বিৰোধী কংগ্ৰেছ দলে।
দলটোৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী পি চিদাম্বৰমে কয় যে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বিগত আঠ বছৰত ভাৰতৰ স্থান সদায় অৱনমিত হৈ আছে।
চিদাম্বৰমে টুইটয়োগে কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰি কয়, ‘মাননীয় প্ৰধানমন্ত্ৰীয়ে শিশুৰ মাজত পুষ্টিহীনতা, ভোক আৰু অপচয়ৰ দৰে প্ৰকৃত বিষয়বোৰ কেতিয়া সমাধান কৰিব?’
আইৰিছ সাহায্য সংস্থা কনচাৰ্ন ৱৰ্ল্ডৱাইড আৰু জাৰ্মান সংগঠন ৱেল্ট হাংগাৰ হিলফে যুটীয়াভাৱে প্ৰস্তুত কৰা প্ৰতিবেদনখনে ভাৰতত ভোকৰ স্তৰক “গুৰুতৰ” বুলি অভিহিত কৰিছে।
উল্লেখ্য যে ২০২১ চনত ভাৰতে ১১৬ খন দেশৰ তালিকাত ১০১ স্থান লাভ কৰিছিল যদিও এইবাৰ ভাৰতে ৬ পইণ্ট পিছলি ১২১ খন দেশৰ তালিকাত ১০৭ নম্বৰ স্থান লাভ কৰে।