সকলোৰে শ্ৰদ্ধাৰ সমাজসেৱক,সমাজ সংগঠক নম্ৰকান্ত মৰাণ(মেকেয়া) আৰু নাই ৷বৰআলি আঞ্চলিক যুৱক সংঘৰ প্ৰতিষ্ঠাপক সভাপতি, অসম মৰাণ সভাৰ 2নং চেলেংগুৰি শাখা সমিতিৰ প্ৰাক্তন সভাপতি, বৰ্তমান কুমচাং গাঁও পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ সদস্য হৈ থকাৰ উপৰিও হেমভাই শান্তি সাধনা সেৱাশ্ৰম, ধৰ্মীয় চেতনাৰ ব্যক্তি,বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত হৈ আছিল ৷দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈ বহুদিন ধৰি ডিব্ৰুগড় মেডিকেল কলেজত চিকিৎসাধীন হৈ আছিল ৷ মৰাণৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰাৰ লগতে শুভাকাংসী, স্থানীয় দল সংগঠন সকলোৱে গভীৰ শোক প্ৰকাশ কৰিছে।