গোলাঘাট পৌৰসভা এলেকাধিন ধ্ৰুৱ নগৰত মহিলা সকলৰ প্ৰতিবাদ
চৰকাৰ সলনি হল কিন্তু মানুহ একেটাই তাৰ পিছতো কিয় প্ৰতাৰণা কৰা হৈছে ধ্ৰুৱ নগৰৰ এই ভিতৰুৱা অঞ্চলৰ বাসিন্দা সকলক?
গোলাঘাটৰ ধ্ৰুৱ নগৰৰ প্ৰায় এশ মিটাৰ ভিতৰুৱা পথটি নিৰ্মান কৰা ক্ষেত্ৰত দীৰ্ঘদিন ধৰি প্ৰতাৰণা কৰি অহাৰ অভিযোগ উত্থাপন কৰি একে অঞ্চলৰ আন এটি পথৰ নিৰ্মাণকাৰ্য ৰখাই মহিলা সকলৰ প্ৰতিবাদ।
গোলাঘাট নগৰৰ ৫ নং ৱাৰ্ডৰ ধুৰ্ব নগৰত পথৰ দুৰাবস্থাৰ ফলত পথত ওলাই আহি প্ৰতিবাদ স্থানীয় মহিলা সকলৰ। যোৱা প্ৰায় দশ বছৰ ধৰি উপায়ুক্ত , পৌৰপতিকে ধৰি লোক নিৰ্মান বিভাগক আবেদন নিবেদন জনাই অহাৰ পিচতো গোলাঘাট নগৰৰ পৌৰসভা এলেকাধিন ৫ নং ৱাৰ্ডৰ ধুৰ্ব নগৰৰ পথৰ দুৰাবস্থাৰ ফলত বাৰুকৈয়ে দুৰ্ভোগ ভোগাইছে স্থানীয় বাসিন্দা সকলক। গোলাঘাট পৌৰসভাক বাৰে বাৰে উক্ত বিষয়ৰ সম্পৰ্কে অবগত কৰি পিছতো চকু মুদাৰ কুলিৰ ভাও ধৰি অহাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদকাৰী মহিলা সকলে মন্তব্য কৰাৰ লগতে উক্ত বিষয়ৰ ওপৰত গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগকো অবগত কৰাৰ পিচতো এই পৰ্য্যন্ত বিধায়িকা গৰাকীয়ে বা গোলাঘাট পৌৰসভাই কোনো বিহিত ব্যৱস্থা নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি ক্ষোভ উজাৰিলে আজি গোলাঘাট নগৰৰ ৫ নং ৱাৰ্ডৰ ধুৰ্ব নগৰৰ বাসিন্দা সকলে। যদি শীঘ্ৰেই বিধায়িকা গৰাকী অথবা পৌৰসভাই কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেনেহলে এই অঞ্চলৰ পথৰ নিৰ্মান কাৰ্যক কৰা দিয়া নহব আৰু কোনো লোক বা বাহন উক্ত স্থানত সোমাবলৈ নিদিয়ে বুলিও স্পষ্ট কৰি দিয়ে প্ৰতিবাদ কাৰী সকলে।