ৰাজ্যৰ শিক্ষানুষ্ঠানত পুনৰ প্ৰৱৰ্তন হ'ব উত্তীৰ্ণ আৰু অনুত্তীৰ্ণ ব্যৱস্থা। এতিয়াৰে পৰা পঞ্চম আৰু অষ্টম শ্ৰেণীত বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত হ'ব। 

আজি ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে এই সন্দৰ্ভত বিতংভাৱে জানিবলৈ দিয়ে।

শিক্ষামন্ত্ৰী পেগুৱে কয়, ‘এতিয়াৰ পৰা নিয়মিতভাৱে পঞ্চম আৰু অষ্টম শ্ৰেণীত বছৰেকীয়া পৰীক্ষা অনুষ্ঠিত হ’ব। যদি কোনো ছাত্ৰ-ছাত্ৰী সেই পৰীক্ষাত অনুত্তীৰ্ণ হয় তেওঁলোকৰ বাবে দুমাহৰ ভিতৰত আৰু এটা বিশেষ পৰীক্ষা অনষ্ঠিত হ’ব’। 

এই বিশেষ পৰীক্ষাটোত যাতে ছাত্ৰ-ছাত্ৰীসকলে উত্তীৰ্ণ হয় তাৰ বাবে বিদ্যালয় সমূহে শুধৰণিমূলক পাঠদান কৰিব। যদি ইয়াৰ পিছতো উত্তীৰ্ণ নহয় তেন্তে তেওঁলোকক একেটা শ্ৰেণীতে ৰখাই দিয়া হ’ব বুলি উল্লেখ কৰে মন্ত্ৰী পেগুৱে।

শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে কয় যে যিহেতু প্ৰাথমিক, নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কোনো শ্ৰেণীত ছাত্ৰ-ছাত্ৰীয়ে অনুত্তীৰ্ণ হোৱা নাছিল, স্বয়ংক্ৰিয়ভাৱে উত্তীৰ্ণ হৈছিল ইয়াৰ ফলস্বৰূপে সৰ্বভাৰতীয় এটা মতামত আছে যে গুণগত মানদণ্ড নিৰীক্ষণ কৰা বা বজাই ৰখাত কৰ’বাত যতি পৰিছে, সেয়ে অসম চৰকাৰে পঞ্চম আৰু অষ্টম শ্ৰেণীত পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে।