অমুদবৰবাৰীত বানত ডুব গ'ল মাহখেতি।লোকচান হ'ল বিঘাই বিঘাই মাহখেতি।চৰকাৰক তীব্ৰ সমালোচনা সোৱণশিৰি AASU ৰ সভাপতিৰ।

ৰাজ্যজুৰি অব্যাহত আছে এতিয়াও বানৰ তাণ্ডৱ।

ধাৰাসাৰ বৰষুণ আৰু বাঢ়নী পানীয়ে বুৰাই পেলাইছে ঢকুৱাখনা বিধান সভা সমষ্টিৰ মৰনৈ গাঁও পঞ্চায়তৰ কেইখনো গাঁৱৰ লগতে খেতি বাতি।এইবাৰ অমুদবৰবাৰীত বানত ডুব গৈছে বিঘাই বিঘাই মাহখেতি।লোকচানৰ সন্মুখীন হৈছে কৃষকসকল।যাৰ বাবে মূৰে কপালে হাত দিছে খেতিয়কে।মাহখেতিৰ এই দুৰৱস্থা দেখি বিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰাক তীব্ৰ সমালোচনা কৰে সোৱণশিৰি আঞ্চলিক ছাত্র সন্থাৰ সভাপতি মাধৱ শইকীয়াই।