চৰাইদেউ জিলাৰ মথুৰাপুৰ থানাৰ টেঙাপুখুৰী আৰক্ষী চকীৰ অন্তৰ্গত লেঙীবৰ অঞ্চলৰ পোন্ধৰ জন শ্ৰমিকক চুবুৰীয়া অৰুণাচল প্ৰদেশত আবদ্ধ কৰি ৰখাৰ পাছত আজি অসম আৰক্ষীয়ে কেউগৰাকী শ্ৰমিকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে উক্ত শ্ৰমিক কেইজন যোৱা ২৫ আগষ্ট তাৰিখৰ পৰা কাম কৰিবলৈ বুলি অৰুণাচললৈ ৰাওনা হৈছিল আৰু তাৰ পাছৰ পৰাই অসমৰ পোন্ধৰজনকৈ শ্ৰমিকক কৌশলেৰে আবদ্ধ কৰি ৰখে ৷ প্ৰাপ্ত অভিযোগ অনুসৰি চৰাইদেউ লেঙীবৰ অঞ্চলৰ পোন্ধৰ জন শ্ৰমিকক মাইবেলাৰ চেলিম সাগৰ নামৰ এজন ঠিকাদাৰে দলঙৰ কাম কৰাবলৈ বুলি অৰুণাচলৰ পাছিঘাটলৈ বুলি লৈ গৈছিল । কিন্তু কাম কৰাৰ বিনিময়ত ঠিকাদাৰজনে শ্ৰমিকসকলক প্ৰাপ্যধন আদায় নিদিয়াত খোৱা-বোৱাত সমস্যাই দেখা দিয়ে । ইফালে সংশ্লিষ্ট ঠিকাদাৰ জনে শ্ৰমিকৰ দলটোক প্ৰাপ্যধন আদায় নিদি দলটোক তাতে আবদ্ধ কৰি ৰখাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় । এনে পৰিস্থিতিৰ মাজতে চৰাইদেউ বাগিচাৰ অজয় দাস নামৰ শ্ৰমিকজন পাছিঘাটৰ পৰা কোনোমতে পলাই আহি ঘৰ পাইহি । শ্ৰমিকজনে ঘটনা সম্পৰ্কে সকলোকে অৱগত কৰাত সংশ্লিষ্ট শ্ৰমিক কেইজনৰ পৰিয়ালকেইটাৰ মাজত একপ্ৰকাৰ হাহাকাৰ লাগে । ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালকেইটাই মথুৰাপুৰ থানাত দিয়া এজাহাৰৰ ভিত্তিত কালি মথুৰাপুৰ থানাৰ পৰা যোৱা আৰক্ষীৰ এটা দলে অৰুণাচলৰ পাছিঘাটত উপস্থিত হৈ স্থানীয় আৰক্ষী সহযোগত তেৰ জনকৈ আবদ্ধ হৈ থকা শ্ৰমিকক উদ্ধাৰ কৰি স্ব গৃহলৈ উভতাই আনে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মৰিয়নিত ৭৫তম স্বাধীনতা দিৱস উপলক্ষে সজাগতা শোভাযাত্ৰা
6 August 2022 ৭৫ তম স্বাধীনতা দিৱস উপলেক্ষা ভাৰতৰ প্ৰধান মন্ত্ৰীগৰাকীৰ আহ্বান ক্ৰমে উদযাপন কৰিবলৈ...
વિરપુર દેસાઈ સી એમ હાઈસ્કૂલ ચોકડી પાસે ટ્રેક્ટર ચાલકે શાકભાજીના લારીવાળાને અડફેટે લેતાં ચકચાર...
વિરપુર દેસાઈ સી એમ હાઈસ્કૂલ ચોકડી પાસે ટ્રેક્ટર ચાલક ગફલત ભરી હંકારી આવી શાકભાજીની લારીવાળાને...
ઠળિયા ગામના યુવાનને છ ઈસમોએ મારમાર્યો
તળાજા ભાવનગર સમાચાર
ખાંભા પોલીસ સ્ટેશન ખાતે પી. એસ.આઈ જોગદીયા પાર્થિવ દેહના અંતિમ દર્શન કરી સલામી આપી શ્રદ્ધાંજલી આપવામાં આવી
*ખાંભા પોલીસ સ્ટેશન ખાતે પી. એસ.આઈ જોગદીયા સાહેબના પાર્થિવ દેહના અંતિમ દર્શન કરી સલામી આપી...
तिरुपति लड्डू विवाद-शुद्धि के लिए 4 घंटे तक महाशांति होम:विश्व हिंदू परिषद की बैठक शुरू
आंध्र प्रदेश के श्री वेंकटेश्वर स्वामी मंदिर (तिरुपति मंदिर) में प्रसादम (लड्डुओं) में जानवरों की...