উজনিৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চিৰঞ্জীৱ ভট্টাচাৰ্যৰ বিৰুদ্ধে উত্থাপিত চেক জালিয়াতিৰ অভিযোগ সন্দৰ্ভত সংবাদ পৰিৱেশন হোৱাৰ পাচত সম্প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অঞ্চলটোত৷ চেক জালিয়াতিৰ দৰে এনে অনৈতিক কাৰ্যত লিপ্ত অধ্যক্ষ চিৰঞ্জীৱ ভট্টাচাৰ্যৰ বিৰুদ্ধে উচিত তদন্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে অঞ্চলটোৰ জাতীয়-জনগোষ্ঠীয় সংগঠনে৷ কালি আছু’ৰ মৰাণ আঞ্চলিক সমিতিৰ সভাপতি শৈল্য বড়া আৰু সাধাৰণ সম্পাদক স্বৰাজ বৰুৱাৰ স্বাক্ষৰিত এখন স্মাৰক পত্ৰ চৰাইদেউ জিলাৰ উপায়ুক্তক প্ৰদান কৰি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে সংগঠনটোৱে৷ আনহাতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় ক্ৰীড়া সম্পাদক দিগন্ত গগৈ, আহোম জাতীয় গণ মঞ্চৰ সহকাৰী সম্পাদক অকণ ভূঞা আৰু ‘টাইপা’ৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি নিপন ফুকনেও শিক্ষানুষ্ঠানখনত সংঘটিত এনে অনৈতিক কাৰ্যৰ তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছে৷ উল্লেখ্য যে, বিদ্যালয়খনৰ অধ্যক্ষ চিৰঞ্জীৱ ভট্টাচাৰ্যই বৰ্তমানৰ বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিক অন্ধকাৰত ৰাখি পূৰ্বৰ সভাপতিৰ স্বাক্ষৰত ইয়াশ ষ্টৰ নামৰ মৰাণ নগৰৰ এখন ব্যৱসায়ীক প্ৰতিষ্ঠানক চেক ইচু কৰাৰ দৰে জালিয়াতি ফাদিল হোৱাৰ পাচতো কি ৰসহ্যজনক কাৰণত অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া আব্দুল জেলিলৰ নেতৃত্বত গঠিত পৰিচালনা সমিতিখনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই সেইটোহে  আজিৰ তাৰিখত মৰাণ অঞ্চলৰ ৰাইজৰ বাবে অবুজ সাঁথৰ৷