আহিন মাহৰ শেহতীয়া বানৰ কবলত ঢকুৱাখনা সোৱণশিৰী ৰাজ চক্ৰ অন্তৰ্গত প্ৰায় ৭খন  গাঁও আৰু গোগামুখৰ লতাক পঞ্চায়ত ১০খন গাঁও।

জিয়াঢল নদীৰ বাঢ়নী পানীয়ে বুৰাল বৰদৈ চুতীয়াকাৰী ন ন অঞ্চল।

অৰুণাচলত কেইবাদিনো দিয়া নেৰা নেপেৰা বৰষুণৰ ফলত উফন্দি উঠিছে গাইনদী ,জীয়াঢল নৈৰ জলপৃষ্ঠ।ফলত বাঢ়নী পানীৰে বুৰাই পেলাইছে 

সোৱণশিৰী ৰাজহ চক্ৰ  অন্তৰ্গত ন পাম ,ম'হবল আদি অঞ্চলকে ধৰি ৭খন গাওঁ।গোগামুখ লতাক পঞ্চায়ত চুতীয়াকাৰী ,ৰতোৱা ,বেটনিহুলাকে ধৰি ১০খনকৈ গাঁও বানৰ কৱলত পৰিছে।

জীয়াঢল আৰু কুমুটিয়া নদীৰ শিহৰণকাৰী বানৰ গ্ৰাসত পৰাক লৈ চিন্তিত অঞ্চলবাসী ।এটুপি বিশুদ্ধ খুৱাপানী বাবে হাঁহাকাৰ সৃষ্টি হৈছে।ভঁৰালত বা ঘৰৰ ভিতৰত চাং পাতি জীৱনঅতিবাহিত কৰিব লগীয়া পৰিস্থিতি হৈছে।