ছিণ্ডিকেটৰাজ নিয়ন্ত্ৰণত চূড়ান্তভাৱে ব্যৰ্থ ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ। এই অভিযোগ অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ।
কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰত চলা ছিণ্ডিকেটৰাজত অতিষ্ঠ বহি:ৰাজ্যৰ ট্ৰাকচালকৰ অভিযোগৰ ভিত্তিত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে অসম চৰকাৰলৈ দিয়া নিৰ্দেশৰ পাছত অসম আৰক্ষীয়ে চলোৱা অভিযানৰ পাছতে সৰৱ হৈ পৰিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকী।
'মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুকু ফিন্দাই বাৰে বাৰে তেওঁৰ চৰকাৰৰ অধীনত কোনো ছিণ্ডিকেট চলা নাই বুলি সততাৰ ফুলজাৰি মাৰি থকাৰ পাছত এতিয়া স্বয়ং তেওঁৰ দলৰ চৰকাৰৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কৰা হস্তক্ষেপত জোলোঙাৰ মেকুৰী ওলাই পৰিছে। মুখ্যমন্ত্ৰী ড° শৰ্মাই ইমানদিনে মিছা কথা কৈ অহাটো প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে নিজেই উদঙাই দিলে। লগতে চৰকাৰখনৰ গৃহবিভাগ যে চূড়ান্তভাৱে ব্যৰ্থ সেই কথাও এই হস্তক্ষেপৰ পৰা ওলাই পৰিল', এইদৰে কয় ৰিপুণ বৰাই।
আনহাতে ছিণ্ডিকেটৰাজৰ আতিশয্যৰ অভিযোগ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় গৈ পোৱাৰ পাছত দিকবিদিক হেৰুৱাই কালঘূমটিৰ পৰা সাৰ পোৱা অসম আৰক্ষীয়ে কেইটামান পুঠি-খলিহনাক গ্ৰেপ্তাৰৰ নাটক কৰি দায়িত্বশীল হিচাপে দেখুৱাব বিচৰাটো হাস্যকৰ বুলিও আখ্যা দিকে সভাপতি বৰাই।
এটা গৃহবিভাগ থাকোতে বহি:ৰাজ্যৰ ট্ৰাকচালকে ছিণ্ডিকেটৰাজ চলা বুলি অভিযোগ দিয়াটোৱে নিশ্চিতভাৱে ইয়াত ক'ৰবাত নহয় ক'ৰবাত অসমৰ বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতা আছে বুলিও সদৰি কৰে বৰাই।
সভাপতি ৰিপুণ বৰাই লগতে গৃহবিভাগৰ ব্যৰ্থতাৰ বাবে দেশৰ মানচিত্ৰত অসমৰ নাম তললৈ গ'ল বুলি মন্তব্য কৰে।
সভাপতি বৰাই লগতে 'কথাত নহয় কামতহে আচল পৰিচয়' কথাষাৰ পুনৰবাৰ সোঁৱৰাই দিয়া অসমবাসীক মূৰ্খ সজাব বিচৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা কৰি ছিণ্ডিকেটৰাজ সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ দাবী জনায়।