মাজুলীত তেজস্বীতাৰ ৰাজহুৱা সাক্ষ্য প্ৰদানৰ আজি অন্তিম দিন : তুঁহজুইত পৰিনত মাজুলীবাসীৰ আৱেগ : সাক্ষ্য দিবলৈ নাহিল দল-সংগঠন কিম্বা সচেতন ব্যক্তি : ঘৰায়ালৰ চকুলো তুকিছিল সকলোৱে ?

 পাঁচ অক্টোবৰ মাজুলীবাসীৰ বাবে এটি ক'লা দিন ৷ যিটো দিনত মাজুলীৰ সাংস্কৃতিক জগতৰ অন্যতম সম্পদ তেজস্বীতাই চিকিৎসাৰ অভাৱত মৃত্যুৰে যুজি হাৰ মানি এই পৃথিৱীৰ পৰা মেলানি মাগিছিল ৷ তেজস্বীতাৰ মৃত্যুৰ পিছতেই সমগ্ৰ অসমতেই আৱেগৰ বৰষুণ বলিল ৷ মাজুলীৰ দুৰ্বল চিকিৎসা ব্যৱস্থাক লৈ লেইলেই -চেইচেই , চৰকাৰৰ চিকিৎসা ব্যৱস্থাক লৈ গুৰি গোষ্ঠি উঘালি গালিও পৰিলে ৷ স্বাস্থ্য মন্ত্ৰী জন এজন বিফল স্বাস্থ্য মন্ত্ৰী পদত্যাগ কৰিব লাগে বুলিও নেলু ফুলাই সাংবাদিকৰ সন্মুখত প্ৰতিবাদ কৰা হল ৷ কিন্ত কাৰ্য্যত এই সকলোবোৰ যে ফুতুকাৰ ফেন আছিল ৷ মাজুলী বাসীৰ আৱেগ তুঁহজুইত পৰিনত হল ৷ ঘৰিয়ালৰ চকুলো তুকিছিল মাজুলীবাসীয়ে সেই কথাই আজি পতিপন্ন হৈছে ৷ কাৰন মাজুলী জিলা প্ৰশাসনে ১০ অক্টোবৰত এক ৰাজহুৱা জাননী যোগে ১২ অক্টোবৰৰ বিয়লি ৩ বজাৰ ভিতৰত তেজস্বীতাৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত ৰাজহুৱা সাক্ষ্য তদন্তকাৰী বিষয়াৰ ওচৰত বানীবদ্ধ বা লিপিবদ্ধ কৰিবলৈ আহ্বান জনাইছিল ৷ কিন্তু  

অতি পৰিতাপৰ কথা যে এজনো ব্যক্তি , দল , সংগঠনৰ নেতা , সচেতন লোক সাক্ষ্য দিবলৈ নাহিল ৷ মাজুলী বাসীৰ ক্ষন্তেকীয়া আৱেগ মাৰ গল, দুদিনতে পাহৰিলে তেজস্বীতাৰ দৰে সম্ভাৱনাপূৰ্ণ শিল্পীক হেৰোৱাৰ বেদনা ৷ জানিব পৰা মতে ঘটনা সংঘটিত হোৱাৰ দিনা বিয়লি একাংশ লোক চিকিৎসালয় ভাঙিবলৈও উদ্দত হৈছিল , কেইবাটাও সংগঠনৰ লোক ঘটনা সংঘটিত হোৱা সময়ত চিকিৎসালয়ত উপস্থিত আছিল কিন্তু আজিৰ তাৰিখত সেইসকলৰ আৱেগ কত হেৰাল , দুদিনতে কিয় পাহৰিলে ফুলকুমলীয়া তেজস্বিতাৰ মৃত্যু যন্ত্ৰণা ৷ ইফালে আজি এই প্ৰতিবেদকে তদন্তকাৰী বিষয়া 

ড° সঞ্জীব কুমাৰ ফুকনৰ পৰা সমগ্ৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া সন্দৰ্ভত জানিব বিচৰাত বিষয়া জনে ঘটনাৰ দিনাই মাজুলীৰ উপায়ুক্ত পুলক মহন্তৰ নিৰ্দেশত ঘটনাৰ তদন্ত আৰম্ভ হৈছে বুলি জানিবলৈ দিয়াৰ লগতে আজি বিয়লি ৪ বজা পৰ্যন্ত মাজুলীৰ কোনো লোকেই ঘটনাৰ সাক্ষ্য অথৱা ঘটনা সম্পৰ্কে মন্তব্য বা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ অহা নাই বুলি জানিবলৈ দিয়ে ৷ বিষয়া জনে ইতিমধ্যেই চিকিৎসালয় খনৰ চিকিৎসক , সেইদিনাৰ চিকিৎসালয় খনৰ তত্ত্বাৱধায়কৰ পৰা ইতিমধ্যেই প্ৰথম পৰ্যায়ৰ সাক্ষ্য গ্ৰহণ কৰা হৈছে আৰু চি চি কেমেৰাৰ ফুটেজ সংগ্ৰহ কৰি তন্ন তন্নকৈ তদন্ত চলাই থকা হৈছে বুলি জানিবলৈ দিয়ে ৷ দ্বীতিয় পৰ্যায়ত তেজস্বীতাৰ পৰিয়ালৰ পৰা সাক্ষ্য লৈ  

 অহা ১০ দিনৰ ভিতৰত তদন্ত প্ৰক্ৰিয়া শেষ কৰি তদন্তৰ প্ৰতিবেদন জিলা উপায়ুক্তক প্ৰদান কৰা হব বুলি বিষয়া জনে আমাক জানিবলৈ দিয়ে ৷ এতিয়া প্ৰশ্ন হয় দুদিনলৈ আৱেগিক হৈ আস্ফালন কৰি তিজস্বিতাৰ মৃত্যুৰ তদন্ত বিচৰা সকল কিয় আজি নিমাতীকন্যা হৈ পৰিল ৷ সামাজিক মাধ্যমত বৰ বৰ নিবন্ধ লিখা , সামাজিক মাধ্যমত তেজস্বিতাৰ মৃত্যুৰ তদন্ত বিছৰা , চিকিৎসা বিভাগৰ ওপৰত খৰ্গহস্ত হোৱা সকল এতিয়া কলৈ গল বুলি প্ৰশ্ন উস্থাপিত হৈছে ৷ একপ্ৰকাৰে বৰ্তমান অনিশ্চয়তাত তেজস্বীতাৰ তদন্ত প্ৰক্ৰিয়া সোমাই পৰা পৰিলক্ষিত হৈছে ৷ 

তেজস্বীতা বৰুৱাৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ ৰাজহুৱা শুনানিৰ সময়সীমা বৃদ্ধি।

-----------------------------------------------------------------------

মাজুলীৰ গড়মূৰস্থিত শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী জিলা চিকিৎসালয়ত বিগত ৫ অক্টোবৰ, ২০২২ তাৰিখে সংঘটিত হোৱা তেজস্বীতা বৰুৱাৰ মৃত্যুৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্তকাৰী বিষয়া অতিৰিক্ত জিলা দণ্ডাধীশ সঞ্জীৱ কুমাৰ ফুকনে জানিবলৈ দিয়া মতে ১২ অক্টোবৰ পৰ্যন্ত তেজস্বীতা বৰুৱাৰ মৃত্যুৰ ঘটনাৰ সংক্ৰান্তত কোনো প্ৰত্যক্ষদর্শী/আগ্রহী ব্যক্তি/ জিলাবাসী ৰাইজ/দল-সংগঠনে নিজৰ ভাষ্য লিপিবদ্ধ কৰিবলৈ উপস্থিত নোহোৱাৰ পৰিপ্ৰেক্ষিতত অহা ইংৰাজী ১৯ অক্টোবৰ,২০২২ তাৰিখলৈ শুনানিৰ দিন বৃদ্ধি কৰা হৈছে।উক্ত সময়ছোৱাত কাৰ্যালয় খোলা থকা অৱস্থাত দিনৰ ১২ বজাৰ পৰা ৩ বজাৰ ভিতৰত জিলা দণ্ডাধীশ, মাজুলীৰ কাৰ্যালয়ত অৱস্থিত অতিৰিক্ত জিলা দণ্ডাধীশ সঞ্জীৱ কুমাৰ ফুকনৰ কক্ষত নিজৰ ভাষ্য আগবঢ়াবলৈ/লিপিবদ্ধ কৰিব পাৰিব।