বঙাইগাঁও চেকাটি নদীত সন্ধানহীন এজন যুৱকৰ

বঙাইগাঁও জিলাৰ সৃজনগ্রাম উন্নয়ন খণ্ডৰ অন্তৰ্গত, চক্ৰভৌম গাঁও পঞ্চায়তৰ সোনাখুলী ২য় খণ্ডৰ বিজেপি দলৰ নিৰ্বাচিত সদস্য তথা ভৰতীয় জনতা পাৰ্টিৰ সক্রিয় সদস্য ধীৰেশ্বৰ ৰায়ে যোৱা কালি ১১/১০/'২২ইং তাৰিখ আবেলি ৪ টা মান বজাত ওচৰৰে চেকাটী নদীৰ সিপাৰত গৰু আনিবলৈ বুলি নদী পাৰ হ'ব ধৰোতেই নদীৰ মাজতেই ডুব যায়। 

 নদীৰ সোঁতে উটুৱাই নিয়াত আজিও সন্ধানহীন হৈ আছে । আৰক্ষী প্ৰশাসনৰ সহযোগত SDRF+NDRF ৰ ডুবাৰু সকলে বিছাৰি আছে যদিও সন্ধান পাবলৈ সক্ষম হোৱা নাই ।