নতুন শিক্ষা নীতি সন্দৰ্ভত ওদালগুৰিত আলোচনা সভা

সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ ওদালগুৰি জিলা সমিতিৰ চতুৰ্থ দ্বি- বাৰ্ষিক অধিৱেশনৰ লগত সংগতি ৰাখি আজি ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নতুন শিক্ষা নীতি সন্দৰ্ভত এখন আলোচনা সভা অনুষ্ঠিত হয় যায়। ওদালগুৰি জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক জয়পাল সিং ব্ৰহ্মই উক্ত আলোচনা চক্ৰ খনৰ শুভাৰম্ভ কৰে। শুভাৰম্ভণি ভাষণত বিদ্যালয় সমূহৰ পৰিদৰ্শক গৰাকীয়ে নতুন শিক্ষা নীতিয়ে দেশৰ শিক্ষা ব্যৱস্থাক অতি গতিশীল কৰি তুলিব বুলি মন্তব্য কৰে। আলোচনা চক্ৰত শিক্ষাবিদ পুস্পধৰ বাস্তোলাই নতুন শিক্ষা নীতি সন্দৰ্ভত ভাষণ আগবঢ়ায়। এই অনুষ্ঠানত ওদালগুৰি আৰু দৰং জিলাৰ বহু কেইগৰাকী শিক্ষাবিদ উপস্থিত থাকে।