মাজুলীত বি জে পি' ৰ ক্ৰীড়া কোষৰ উদ্যোগত আন্ত: ক্লাৱ ফুটবল প্ৰতিযোগিতাৰ আয়োজন
ओम धगाल - पूर्व प्रदेश कार्यकारिणी सदस्य भाजपा युवा मोर्चा
ओम धगाल की और से हिंडोली विधानसभा क्षेत्र एवं बूंदी जिले वासियों को रौशनी के त्यौहार दीपावली की हार्दिक बधाई व शुभकामनाएं
মাজুলী জিলা ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত , জিলা বি জে পি ক্ৰীড়া কোষৰ সহযোগত অহা ১৬ অক্টোবৰৰ পৰা মাজুলী জিলা ভিত্তিত "আন্ত ক্লাব ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব । ১৬' অক্টোবৰত ফুলনি হাইস্কুল প্ৰাংগণত উক্ত ফুটবল প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান আৰম্ভ হ'ব আৰু ৩০' অক্টোবৰত গড়মূৰ পীতাম্বৰদেৱ হাইস্কুল খেলপথাৰত সামৰণী অনুষ্ঠান অনুষ্ঠিত হ'ব । উক্ত, ফুটবল প্ৰতিযোগিতাত মাজুলীৰ ১৪ টা ক্লাৱে অংশগ্ৰহণ কৰিব । প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠান আৰু সামৰণী অনুষ্ঠানত মাজুলীৰ কুৰিজন ক্ৰীড়াবিদক সম্বৰ্ধনা জনোৱা হ'ব । উক্ত, আন্ত:ক্লাৱ ফুটবল প্ৰতিযোগিতাত যোগাযোগৰ বাবে মাজুলী জিলা বি জে পি ক্ৰীড়া কোষৰ আহ্বায়ক গজেন নৰহ , ফোন নম্বৰ ৯৯৫৪৮ ৫৭৭৩২ আৰু সহ- আহ্বায়ক প্ৰমোদ বৰা, ফোন নম্বৰ ৭০০২৫ ৪৬২৯৬ ' ত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ।