ছোৱালী জনীৰ মৃত্যুৰেই মাজুলীৰ চিকিৎসা সমস্যাৰ অৱসান হঁওক - ৰোহিত বৰুৱা : মাজুলীত চিকিৎসা মহাবিদ্যালয়ৰ দাবীৰে ৰাইজৰ দলৰ গণস্বাক্ষৰ 

 : মাজুলীৰ দীৰ্ঘদিনৰ চিকিৎসা সমস্যা অৱসানৰ বাবে দ্বীপ জিলা খনত চিকিৎসা মহাবিদ্যালয় আৰু উন্নত চিকিৎসালয় এখনৰ খুবেই প্ৰয়োজন ৷ যি অভাৱৰ বাবে মই মোৰ এক মাত্ৰ ছোৱালী জনীক হেৰুৱালোঁ , মোৰ দৰে আৰু কাৰো বাবে এনে দুখ নাহক ৷ ইদিনৰ পাছত সিদিন মাজুলীৰ চিকিৎসা ব্যৱস্থা উন্নত হোৱাতকৈ অধুনালুপ্ত হৈ আহিছে ৷ এনেদৰে আৰু কিমান দিন মাজুলীবাসীয়ে মৃত্যুৰে যুঁজিব, মোৰ ছোৱালী জনীয়েই চিকিৎসাৰ অভাৱত মৃত্যু হোৱা শেষৰ গৰাকী ৰোগী হওক ৷ আজি ৰাইজৰ দলে মাজুলীত এখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবীৰে যি গন স্বাক্ষৰ অভিযান আৰম্ভ কৰিছে সেই অভিযানৰ প্ৰথম গৰাকী স্বাক্ষৰকাৰী হিচাপে স্বাক্ষৰ প্ৰদান কৰি তেজস্বীতাৰ পিতৃ ৰোহিত বৰুৱাই আৱেগিক হৈ এই দৰেই কয় ৷ বৰুৱাই মাজুলীৰ ৰাইজক ৰাজনীতিৰ উদ্ধত গৈ এই গনস্বাক্ষৰ অভিযানত সদলবলে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাই ৷ ইফালে আজি ৰাইজৰ দলৰ কেন্দ্ৰীয় উপসভাপতি বেদান্ত লস্কৰ, মুখপাত্ৰ আৰু মাজুলী জিলাৰ তত্বাবধায়ক টি এন প্ৰাণ, শিৱসাগৰ জিলাৰ সভাপতি মুনিন্দ্ৰ লাহন, মাজুলী জিলাৰ সভাপতি বিষ্ণু প্ৰসাদ দেউৰী, সাধাৰণ সম্পাদক প্ৰাণজিৎ ৰাজখোৱা, প্ৰচাৰ সম্পাদক ৰাজীৱ অসম শইকীয়া, জয়ন্ত পগাককে ধৰি বহু সংখ্যক কৰ্মীৰ উপস্থিতিত গড়মূৰ প্ৰেছ ক্লাৱত ৰাইজৰ দলে এখন সংবাদ মেল

   অনুষ্ঠিত কৰি কয় যে মাজুলীত যাতায়ত আৰু যোগাযোগৰ ক্ষেত্ৰত এতিয়াও সকলো ঠাইতে সুচল নহয়, স্বাস্থ্য ব্যৱস্থা পয়ালগা স্বৰূপ, উন্নত চিকিৎসা সজুঁলি নাই, প্ৰতিটো বিভাগত চিকিৎসক নাই যাৰ বাবে মাজুলীৰ বহুলোকে উপযুক্ত চিকিৎসাৰ অভাৱত মৃত্যুক সাৱতি ল’ব লগা হৈ আহিছে ৷ ইয়াৰ ওপৰিও মাজুলী যিহেতু পৰ্যটন স্থলি, ইয়ালৈ দেশ-বিদেশৰ বহু পৰ্যটকৰ আগমন ঘটে ৷ যদি উপযুক্ত চিকিৎসাৰ অভাৱত এজন পৰ্যটকৰ মৃত্যু হয় তেনে কেৱল মাজুলীয়ে নহয় সমগ্ৰ ভাৰতবৰ্ষই লজ্জিত হ’ব বুলি উল্লেখ কৰি দলটোৱে এক বিবৃত্তি যোগে মাজুলীবাসীৰ লগতে আমাৰ অতিথি পৰ্যটক সকলক সদাই আৰোগ্য কৰি ৰখাৰ স্বাৰ্থত ৰাইজৰ দল, মাজুলী জিলা সমিতিৰ উদ্যোগত মাজুলীবাসী ৰাইজৰ সহযোগত মাজুলীত এখন পূৰ্ণাংগ চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ দাবীত আজিৰে পৰা জনমত গঠন কৰি প্ৰায় এক লক্ষাধিক লোকৰ স্বাক্ষৰ গ্ৰহণ কৰি ভাৰতৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীলৈ একোখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰে ৷ মাজুলীক নিস্বাৰ্থভাবে ভালপোৱা দল,সংগঠন নিৰ্বিশেষে প্ৰতিজন মাজুলীয়াল আৰু অসমবাসীক মাজুলীৰ দৰিদ্ৰ, নিস্পেষিত জনতা, পিতৃ/পুত্ৰ/মাতৃ/ভগ্নী/ভাতৃ কাকোৱেই অকালতে হেৰুৱাব লগা নহয় তাৰে বাবে মাজুলীত এখন পূৰ্ণাংগ চিকিৎসা মহাবিদ্যালয় স্থপনৰ দাবী জনাইছে ৷