অসমৰ চৰাইদেউ জিলাৰ মাটি অৰুণাচল প্ৰদেশক কোনো কাৰণতে এৰি দিয়াৰ পক্ষপাতী নহয় সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ। সোণাৰিত অনুষ্ঠিত হোৱা অসম -অৰুণাচল প্ৰদেশ চৰকাৰৰ দ্বিপাক্ষিক বৈঠকত এই কথা স্পষ্টকৈ কলে বিধায়ক গৰাকীয়ে। উল্লেখ্য যে, আন্তঃৰাজ্যিক সীমান্তৰ পৰা আঠ কিলোমিটাৰ অতিক্ৰম কৰি অৰুণাচল প্ৰদেশৰ লোকে অসমৰ মাটি বেদখল কৰাৰ পৰিপ্ৰেক্ষিতত সোণাৰিত আজি অসম-অৰুণাচল প্ৰদেশ সীমা বিবাদ সন্দৰ্ভত দুয়োখন ৰাজ্যৰ তৃতীয়লানি বৈঠক অনুষ্ঠিত হয়। চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত দুয়োখন ৰাজ্যৰ মন্ত্ৰী তথা প্ৰশাসনিক বিষয়াৰ উপস্থিতিত অনুষ্ঠিত হয় বৈঠকখন। বৈঠকত অসম চৰকাৰৰ মন্ত্ৰীদ্বয় বিমল বড়া, যোগেন মহন, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে অৰুণাচল প্ৰদেশৰ মন্ত্ৰী হনচুম নাংডাম, কাণুবাৰীৰ বিধায়ক গ্ৰেবিয়েল ডি ৱাংচুৰ লগতে চৰাইদেউ আৰু অৰুণাচল প্ৰদেশৰ কাণুবাৰী জিলাৰ প্ৰশাসনিক বিষয়াসকল উপস্থিত থাকে। স্মৰ্তব্য যে ইয়াৰ পূৰ্বে ২৬ আগষ্টত অৰুণাচল প্ৰদেশৰ কাণুবাৰী আৰু ৮ চেপ্তেম্বৰত অসমৰ চৰাইপুঙত দুয়োখন ৰাজ্যৰ দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
प्रधानमंत्री सुरक्षित मातृत्व अभियान एवं शक्ति दिवस का हुआ आयोजन
प्रधानमंत्री सुरक्षित मातृत्व अभियान के अंतर्गत चिकित्सा एवं स्वास्थ्य विभाग की ओर से मंगलवार को...
Midcap Small Cap Falling Reason: इतनी गिरावट के बीच क्या Midcap में टिके रहने का वक्त है? | Business
Midcap Small Cap Falling Reason: इतनी गिरावट के बीच क्या Midcap में टिके रहने का वक्त है? | Business
বাহঁৰ জেং জাবৰে দ্ৰোপাংৰ খহনীয়া ৰোধৰ চেষ্টা স্থানীয় ৰাইজৰ
নাৰায়ণপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত অসম অৰুনাচল সীমান্তৱৰ্তী দ্ৰোপাং নৈত সৃষ্টি হোৱা খহনীয়া ৰোধত নামি...
સાયમા હત્યા પ્રકરણ : પતિની હત્યામાં પત્નીના પ્રેમીની સંડોવણી સામે આવતા પ્રેમીની ધરપકડ કરાઈ.
સાયમા હત્યા પ્રકરણ : પતિની હત્યામાં પત્નીના પ્રેમીની સંડોવણી સામે આવતા પ્રેમીની ધરપકડ કરાઈ...
मुस्लिम समुदाय ने बांग्लादेश के PM का फूंका पुतला:लखनऊ में प्रदर्शनकारी बोले- ईंट से ईंट बजा देंगे
लखनऊ में मुस्लिम समाज ने बांग्लादेश के प्रधानमंत्री मोहम्मद यूनुस का पुतला फूंका। हजरतगंज में...