অসমৰ চৰাইদেউ জিলাৰ মাটি অৰুণাচল প্ৰদেশক কোনো কাৰণতে এৰি দিয়াৰ পক্ষপাতী নহয় সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ। সোণাৰিত অনুষ্ঠিত হোৱা অসম -অৰুণাচল প্ৰদেশ চৰকাৰৰ দ্বিপাক্ষিক বৈঠকত এই কথা স্পষ্টকৈ কলে বিধায়ক গৰাকীয়ে। উল্লেখ্য যে, আন্তঃৰাজ্যিক সীমান্তৰ পৰা আঠ কিলোমিটাৰ অতিক্ৰম কৰি অৰুণাচল প্ৰদেশৰ লোকে অসমৰ মাটি বেদখল কৰাৰ পৰিপ্ৰেক্ষিতত সোণাৰিত আজি অসম-অৰুণাচল প্ৰদেশ সীমা বিবাদ সন্দৰ্ভত দুয়োখন ৰাজ্যৰ তৃতীয়লানি বৈঠক অনুষ্ঠিত হয়। চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত দুয়োখন ৰাজ্যৰ মন্ত্ৰী তথা প্ৰশাসনিক বিষয়াৰ উপস্থিতিত অনুষ্ঠিত হয় বৈঠকখন। বৈঠকত অসম চৰকাৰৰ মন্ত্ৰীদ্বয় বিমল বড়া, যোগেন মহন, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে অৰুণাচল প্ৰদেশৰ মন্ত্ৰী হনচুম নাংডাম, কাণুবাৰীৰ বিধায়ক গ্ৰেবিয়েল ডি ৱাংচুৰ লগতে চৰাইদেউ আৰু অৰুণাচল প্ৰদেশৰ কাণুবাৰী জিলাৰ প্ৰশাসনিক বিষয়াসকল উপস্থিত থাকে। স্মৰ্তব্য যে ইয়াৰ পূৰ্বে ২৬ আগষ্টত অৰুণাচল প্ৰদেশৰ কাণুবাৰী আৰু ৮ চেপ্তেম্বৰত অসমৰ চৰাইপুঙত দুয়োখন ৰাজ্যৰ দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Madhya Pradesh के Bhopal में डूबता नजर आया Upper lake का cruise, देखें video | #Rain
Madhya Pradesh के Bhopal में डूबता नजर आया Upper lake का cruise, देखें video | #Rain
જંબુસર પોલીસ ઇન્સ્પેક્ટર વી.એન.રબારીનું વેપારી મહામંડળના હોદ્દેદારો દ્વારા સાલ અર્પણ કરી સન્માન.
જંબુસર પોલીસ ઇન્સ્પેક્ટર વી.એન.રબારીનું વેપારી મહામંડળના હોદ્દેદારો દ્વારા સાલ અર્પણ કરી સન્માન.
ધારૈઇ ગામની સીમમાં જુગાર રમતા ૪ ઝડપાયા
નાની મોલડી:ભરતસિંહ રાયસંગભાઇ પરમાર પો.કોન્સ.નોકરી નાની મોલડી પોલીસ સ્ટેશનનાએ ફરીયાદ નોંધાવેલ છે...