অসমৰ চৰাইদেউ জিলাৰ মাটি অৰুণাচল প্ৰদেশক কোনো কাৰণতে এৰি দিয়াৰ পক্ষপাতী নহয় সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ। সোণাৰিত অনুষ্ঠিত হোৱা অসম -অৰুণাচল প্ৰদেশ চৰকাৰৰ দ্বিপাক্ষিক বৈঠকত এই কথা স্পষ্টকৈ কলে বিধায়ক গৰাকীয়ে। উল্লেখ্য যে, আন্তঃৰাজ্যিক সীমান্তৰ পৰা আঠ কিলোমিটাৰ অতিক্ৰম কৰি অৰুণাচল প্ৰদেশৰ লোকে অসমৰ মাটি বেদখল কৰাৰ পৰিপ্ৰেক্ষিতত সোণাৰিত আজি অসম-অৰুণাচল প্ৰদেশ সীমা বিবাদ সন্দৰ্ভত দুয়োখন ৰাজ্যৰ তৃতীয়লানি বৈঠক অনুষ্ঠিত হয়। চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত দুয়োখন ৰাজ্যৰ মন্ত্ৰী তথা প্ৰশাসনিক বিষয়াৰ উপস্থিতিত অনুষ্ঠিত হয় বৈঠকখন। বৈঠকত অসম চৰকাৰৰ মন্ত্ৰীদ্বয় বিমল বড়া, যোগেন মহন, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে অৰুণাচল প্ৰদেশৰ মন্ত্ৰী হনচুম নাংডাম, কাণুবাৰীৰ বিধায়ক গ্ৰেবিয়েল ডি ৱাংচুৰ লগতে চৰাইদেউ আৰু অৰুণাচল প্ৰদেশৰ কাণুবাৰী জিলাৰ প্ৰশাসনিক বিষয়াসকল উপস্থিত থাকে। স্মৰ্তব্য যে ইয়াৰ পূৰ্বে ২৬ আগষ্টত অৰুণাচল প্ৰদেশৰ কাণুবাৰী আৰু ৮ চেপ্তেম্বৰত অসমৰ চৰাইপুঙত দুয়োখন ৰাজ্যৰ দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছিল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
सर्वोदय एजुकेशन ग्रुप ने लोकसभा अध्यक्ष ओएसडी राजीव दत्ता का किया सम्मान
बूंदी । माटुंदा स्थित सर्वोदय एजुकेशन ग्रुप द्वारा लोकसभा अध्यक्ष ओएसडी राजीव दत्ता का सम्मान...
জেহাদীয়ে অসমত কিয় প্ৰৱেশ কৰিব পাৰিলে? অসম চুক্তি দফাসমূহ কাৰ্যকৰী নকৰাৰ বাবে এনে দশা হৈছে অসমত: সমুজ্জল কুমাৰ ভট্টাচাৰ্য
২০১৮ চনৰ ২৫ জানুৱাৰী তাৰিখে ডিমাহাচাও জিলাত ভূমি ৰক্ষা বিষয়ত আন্দোলন কৰিবলৈ গৈ পুলিচৰ গুলীত...
PM Modi in Nashik: नासिक रैली में परिवारवाद पर PM Modi का बड़ा हमला, देखें क्या बोले? | Maharashtra
PM Modi in Nashik: नासिक रैली में परिवारवाद पर PM Modi का बड़ा हमला, देखें क्या बोले? | Maharashtra
Devendra Fadnavis यांचा Foxconn Vedanta प्रकल्पावरून ठाकरेंना सवाल | Aaditya Thackeray
Devendra Fadnavis यांचा Foxconn Vedanta प्रकल्पावरून ठाकरेंना सवाल | Aaditya Thackeray