গোলাঘাটত চুৰৰ টিঘলঘিলনী

চুৰ কৰিবলৈ গৈ ৰঙাঘৰৰ আলহী হল দুই ভাতৃ

কয় নহয় এশ গৰু খালে বাঘৰো মৰণ

চাওক চুৰ কৰিবলৈ গৈ ৰাইজৰ হাতৰ পৰা নিজকে ৰক্ষা কৰাৰ চেষ্টাত হোমাল কচুৱনিত কিন্তু তাতে খালে যোঁকে 

সোমবাৰে নিশা গোলাঘাট নগৰৰ ষ্টেছনৰড অবস্থিত এখন ঘৰত চুৰ কৰিবলৈ গৈ ৰঙা ঘৰৰ আলহী হল দুই ভাতৃ।

যোৱা কেইবা দিন ধৰি একে ঘৰত চুৰ কৰাৰ চেষ্টা চলাই অহা এই দুই ভাতৃৰ পুনৰ সোমবাৰে নিশা চুৰ কৰাৰ উদ্দেশ্যে ঘৰৰ চৌহদত প্ৰবেশ কৰা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে আৰু উত্তম মাধ্যম সুধাই গতাই দিয়ে আৰক্ষীক। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে চুৰিকাৰ্য সংঘটিত কৰা সংক্ৰান্তত গৃহস্থই গোলাঘাট আৰক্ষী থানাত এখন এজাহৰ দাখিল কৰিছিল।