দেশৰ ৭৫ সংখ্যাক স্বাধীনতা দিৱসৰ বাবে ভিন্ন অনুষ্ঠিন অনুষ্ঠিত কৰি আজাদী কা অমৃত মহোৎসৱ পালন কৰিছে দেশ বাসীয়ে। ডিব্ৰুগড় জিলাতো ভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰি জিলা প্ৰশাসনে পালন কৰিছে আজাদী কা অমৃত মহোৎসৱ।

আজি ডিব্ৰুগড় সদৰ থানৰ পৰা ডিব্ৰুগড় পুলিচ প্ৰশাসনে আৰক্ষী অধীক্ষকৰ নেতৃত্বত অনুষ্ঠিত কৰে এটি শান্তি সজাগতা আৰু সমন্বয়ৰ পদযাত্ৰা।

ডিব্ৰুগড় সদৰ থনাৰ পৰা বাহিৰ কৰা এই যাত্ৰাত ডিব্ৰুগড়ত কৰ্মৰত আৰক্ষী সকলে হাতে হাতে জাতীয় পতাকা লৈ ডিব্ৰুগড় চহৰ পৰিভ্ৰমণ কৰে।