পেহীয়াটিত তিনি দিনীয়াকৈ যাত্রাভিনয় আয়োজন।আখৰাত ব্যস্ত শিল্পী সকল।।

পশ্চিম ধেমাজি অন্তৰ্গত তথা ঘিলামৰাৰ নিকৰ্টৱতী পেহীয়াটি প্ৰতিভা যুৱ সংঘৰ উদ্যোগত, পেহীয়াটি গাঁওৰক্ষী বাহিনী,আৰু পেহীয়াটি গ্ৰাম্য সংগঠনৰ সহযোগত 20,21আৰু 22 অক্টোবৰত পেহীয়াটি  জীয়াঢল বাকৰিত যাত্রাভিনয় নাট প্ৰদৰ্শন আয়োজন কৰা হব।গাঁৱৰ জীয়ৰী বোৱাৰী ,লগতে কণ কণ শিশু সকলে পূৰ্ণ গতিত চলাই গৈছে আখৰা ।

বিলুপ্তপ্ৰায় যাত্রাভিনয় বিষয়ে নৱ প্ৰজন্মক চিনাকি কৰাই দিয়াৰ লগতে গাঁৱৰ সকলোৰে মাজত ভাতৃত্ববোধ আৰু একতাৰ সুদৃঢ় কৰিবলৈ এই পদক্ষেপ অব্যাহত ৰাখিছে । তিনি খন নাট মঞ্চস্থ কৰা হব বুলি উদযাপন সমিতিযে  অৱগত কৰাৰ লগতে  সকলো ৰাইজক নাট উপভোগ কৰিবলৈ আহ্বান জনায়।