সম্প্ৰীতিৰ বাৰ্তাৰে আজি চৰাইদেউৰ দ'লবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ সামৰণি অনুষ্ঠানৰ লাইখুটা স্থাপন কৰা হয়। ঐতিহ্যমণ্ডিত চৰাইদেউ পৰ্বতৰ নামনিৰ ধোদৰ আলিৰ কাষত প্ৰতিষ্ঠিত হোৱা দ'লবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ২০১৮ বৰ্ষতে সম্পূৰ্ণ কৰিলে গৌৰৱোজ্জল শতবৰ্ষ। ২০১৮ বৰ্ষতে শতবৰ্ষ আৰম্ভণি অনুষ্ঠান অনুষ্ঠিত কৰা হৈছিল যদিও ক'ভিডকালীন পৰিৱেশৰ বাবে সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰাত অসুবিধাৰ সন্মুখীন হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত অহা ৪, ৫ আৰু ৬ নৱেম্বৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানৰ বাবেই আজি বিদ্যালয়খনৰ খেলপথাৰত লাইখুটা স্থাপন কৰা হয়। টাই আহোম ধৰ্মীয় পৰম্পৰা অনুসৰি লাইখুটা স্থাপন কৰা এই অনুষ্ঠানত গায়ন-বায়ন তথা ইছলাম ধৰ্মীয় লোকসকলে প্ৰাৰ্থনা জনায় সম্প্ৰীতিৰ নিদৰ্শন ডাঙি ধৰে। ইফালে তিনি দিনীয়াকৈ আয়োজন কৰা এই অনুষ্ঠানৰ মুকলি সভাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বুলি জানিবলৈ দিছে উদযাপন সমিতিৰ সভাপতি তথা সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Nasdaq Fall Big Impact | इतनी बड़ी गिरावट के बाद भारतीय बाजार में भी दिखेगा बड़ा असर? | Anuj Singhal
Nasdaq Fall Big Impact | इतनी बड़ी गिरावट के बाद भारतीय बाजार में भी दिखेगा बड़ा असर? | Anuj Singhal
कहीं भी रुतबा जमाने के लिए परफेक्ट हैं ये SUVs, कम कीमत में बन सकती हैं आपके लिए सही ऑप्शन
Most Popular SUVs अगर आप एसयूवी सेगमेंट में कोई नई गाड़ी खरीदने की प्लानिंग कर रहे हैं और समझ...
Narayan Rane Coin | नारायण राणे यांचा 25 पैशाच्या नाण्यावर फोटो, भाजप युवा मोर्चाकडून कारवाईची मागणी
Narayan Rane Coin | नारायण राणे यांचा 25 पैशाच्या नाण्यावर फोटो, भाजप युवा मोर्चाकडून कारवाईची मागणी
પાટણ જીલ્લાના ડાભડી ગામમાં બાલીસણા પોલીસ અને ફૂડ એન્ડ ડ્રગ્સ વિભાગની ટીમનો સપાટો
પાટણ જીલ્લાના ડાભડી ગામમાં બાલીસણા પોલીસ અને ફૂડ એન્ડ ડ્રગ્સ વિભાગની ટીમનો સપાટો