ভৰপুৰ প্ৰাকৃতিক উপাদানৰে পৰিপূৰ্ণ এখন মনোৰম ঠাই । যেন এক স্বৰ্গপুৰীহে । চাৰিওফালে পাহাৰ আৰু অৰণ্য । মাজত খৰশ্ৰোতা বিশাল জলধাৰ । শিলত ঠেকাখোৱা পানীৰ গুঞ্জন চঞ্চল বতাহত। পাহাৰত ঠেকা খাই বতাহেও তুলিছে সুৰৰ লহৰ । যাৰ পৰিচয় লংচু কাংথু ই'ক টুৰিজীম পাৰ্ক। লংনিট, সিংহাসন, কাৰ্বিআংলং । কোলাহল মুক্ত সুন্দৰ পৰিবেশ । যত আপুনি পাব মনৰ গভীৰ প্ৰশান্তি।