কামৰূপ জিলাৰ পশ্চিম বড়িগোগ মৌজাৰ দৈচপৰাত চাৰিদিনীয়াকৈ আয়োজিত মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ ৫৭৪ তম আবিৰ্ভাৱ মহোৎসৱৰ যোৱা নিশা সামৰণি পৰে৷সামৰণিৰ নিশা জনপ্ৰিয় কন্ঠশিল্পী সুবসনা দত্তই গীত পৰিবেশন কৰি ৰাইজক মুগ্ধ কৰে৷বতৰৰ প্ৰতিকুল পৰিবেশৰ মাজতো অসংখ্য দৰ্শকৰ মাজত ইটোৰ পিচত সিটো গীত পৰিবেশন কৰে শিল্পী গৰাকীয়ে৷