কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুৱাহাটীত বিজেপিৰ নতুন কাৰ্যালয় উদ্বোধন কৰে। উত্তৰ-পূবৰ সৰ্ববৃহত কাৰ্যালয়টো উদ্বোধন কৰি শ্বাহে দাবী কৰে যে বিজেপিৰ শাসনকালত অসম তথা উত্তৰ-পূব অঞ্চলত শান্তি আৰু উন্নয়ন তীব্ৰতৰ হৈছে।

৭০ বছৰীয়া কংগ্ৰেছ শাসনে উত্তৰ-পূব ভাৰতক হিংসাত্মক আৰু অৰাজকতাৰ দিশে ঠেলি দিছিল বুলি মন্তব্য কৰি শ্বাহে কয় যে এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি চৰকাৰে ইয়াক মূলসুঁতিৰ সৈতে সংযোগ কৰিছে।

গৃহমন্ত্ৰীগৰাকীয়ে চাৰি দশক পুৰণি এটা ঘটনাৰ কথা সুঁৱৰি কয় যে মই তেতিয়া বিদ্যাৰ্থী পৰিষদৰ এটা কাৰ্যসূচীৰ বাবে ইয়ালৈ আহিছিলো আৰু তেতিয়া আমাক হিতেশ্বৰ শইকীয়াই (তেতিয়াৰ মুখ্যমন্ত্ৰী) বহুত মাৰিছিল… আমি ইন্দিৰা গান্ধীৰ বিৰুদ্ধে শ্লোগান দিয়া বাবেই আমাক মাৰা হৈছিল। তেতিয়া আমি কল্পনাই কৰা নাছিলো যে বিজেপিয়ে ইয়াত নিজৰ বলত দুবাৰকৈ নিৰ্বাচনত জয়ী হৈ চৰকাৰ গঠন কৰিব।

শ্বাহে লগতে কয় যে বিজেপি চৰকাৰে ৯০০০ লোকৰ অস্ত্ৰ সম্বৰণ কৰাই অসমত শান্তি প্ৰতিষ্ঠা কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ-পূবৰ বিকাশৰ বাবে বাজেট তিনিগুণ বৃদ্ধি কৰা বুলিও শ্বাহে উল্লেখ কৰে।

নতুন কাৰ্যালয়টো উদ্বোধন কৰি কয়, ‘বিজেপি কাৰ্যালয়টো কেৱল ইটা-শিলেৰে নিৰ্মাণ কৰা ভৱন নহয়, বৰং দলীয় কৰ্মীসকলৰ নিষ্ঠা, মনোভাৱ, দায়বদ্ধতা আৰু কঠোৰ পৰিশ্ৰমক সূচায়’।

উল্লেখ্য যে নতুন বিজেপি কাৰ্যালয়টো মুকলি কৰাৰ সময়ত গৃহমন্ত্ৰী অমিত শ্বাহৰ লগত আছিল বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডা, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাৰ লগতে দলৰ শীৰ্ষ পৰ্যায়ৰ নেতা-কৰ্মীসকল।