অতি শীঘ্ৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বি চি চি আইৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। ইয়াৰ বাবে চলি থকা প্ৰস্তুতিৰ মাজতে সকলোৰে মনত এটাই প্ৰশ্নই উত্থাপন হৈছে যে সৌৰভ গাংগুলীৰ ঠাইত কোন হ’ব পৰৱৰ্তী অধ্যক্ষ।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, প্ৰাক্তন অলৰাউণ্ডাৰ ৰোজৰ বিন্নীয়ে বৰ্তমানৰ অধ্যক্ষ সৌৰভ গাংগলীৰ স্থানত অধিষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। বিন্নীয়ে ইয়াৰ পূৰ্বে নিৰ্বাচক সমিতিৰো দায়িত্ব পালন কৰিছিল।
অধ্যক্ষ পদত বিন্নীৰ নামটো সৰ্বাধিক চৰ্চা হৈ থকাৰ পৰিৱৰ্তে সচিব পদত পুনৰ এবাৰ জয় শ্বাহকে দায়িত্ব দিয়া হ’ব বুলি খবৰ ওলাই আছে।
১৮ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ বাবে বি চি চি আইৰ নিৰ্বাচনী খচৰাত প্ৰকাশ পাইছে বিন্নীৰ নাম। একেদিনাই অনুষ্ঠিত হ’বলগীয়া বাৰ্ষিক সাধাৰণ সভাত কৰ্ণাটক ৰাজ্যিক ক্ৰিকেট সন্থাৰ সম্পাদক সন্তোষ মেননৰ ঠাইত বিন্নীয়ে ৰাজ্যিক প্ৰতিষ্ঠানটোক প্ৰতিনিধিত্ব কৰিব।
সেয়ে বি চি চি আইৰ পৰৱৰ্তী মুৰব্বী হোৱাৰ দৌৰত বিন্নী আগবাঢ়ি আছে বুলি ধাৰণা কৰা হৈছে।
জানিব পৰা মতে, ১১ আৰু ১২ অক্টোবৰলৈকে অধ্যক্ষ পদৰ বাবে মনোনয়ন দাখিল কৰিব পাৰিব। ১৩ অক্টোবৰত মনোনয়ন পত্ৰৰ নিৰীক্ষণ আৰু আবেদন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ১৪ অক্টোবৰ।
ইয়াৰ পিছত ১৮ অক্টোবৰত বি চি চি আইৰ নিৰ্বাচন অনুষ্ঠিত হ’ব, তাৰ পিছত সন্ধিয়া বিজয়ীৰ নাম ঘোষণা কৰা হ’ব।
উল্লেখ্য যে, ১৯৮৩ চনৰ বিশ্বকাপ বিজয়ী দলৰ অন্যতম গুৰুত্বপূৰ্ণ সদস্য আছিল ৰোজৰ বিন্নী। তেওঁ টুৰ্ণামেণ্টত ভাৰতৰ হৈ সৰ্বাধিক উইকেট দখল কৰিছিল। বিন্নীয়ে ৮ খন মেচত ১৮টা উইকেট দখল কৰিছিল।