সোণাৰিত চৰাইদেউ জিলা ভিত্তিত জাতীয় শ্ৰমিক পৰিষদৰ সমিতি গঠন। 

ৰাজ্যৰ শ্ৰমিক সকল বিভিন্ন সমস্যাৰ সমাধান আৰু বছৰ বছৰ ধৰি সকলো দিশতে বঞ্চিত হৈ আহিছে ৷ এনে বঞ্চিত শ্ৰমিকসকলক একত্ৰিত কৰি তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰাৰ উদ্দেশ্যে ৰাজ্যৰ প্ৰতিখন জিলাতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত জাতীয় শ্ৰমিক পৰিষদ গঠন কৰা হৈছে ৷ আজি চৰাইদেউ জিলাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ভাতৃ সংগঠন জাতীয় শ্ৰমিক পৰিষদৰ চৰাইদেউ জিলা গঠন কৰা হয় পৰিষদৰ চৰাইদেউ জিলা কাৰ্যালয়ত । আজি দুপৰীয়া অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা কাৰ্যালয়ত অনুষ্ঠিত প্ৰতিনিধি সভাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক বিজন বায়নৰ নেতৃত্বত পৰিষদৰ ভাতৃ সংগঠন অসম জাতীয় শ্ৰমিক পৰিষদৰ চৰাইদেউ জিলা সমিতিখন গঠন কৰা হয়। যুৱ-ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বদন বৰা সভাপতি আৰু সুনিল মালক সাধাৰণ সম্পাদক হিচাপে লৈ ৩১ জনীয়া সমিতিখন গঠন হয়। আজিৰ সভাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যুতীয়া সম্পাদক বিপুল বৰা, কেন্দ্ৰীয় তথ্য আৰু যোগাযোগ বিভাগৰ সম্পাদক চাবিৰ আহমেদ, চৰাইদেউ জিলা সমিতিৰ সাধাৰণ সম্পাদক লংকেশ্বৰ গগৈ, জিলা উপ সভাপতি পল্লব শৰ্মা,জিতু দত্ত জিলা আৰু আঞ্চলিক সমিতিৰ বিষয়ববীয়া উপস্থিতিত প্ৰতিনিধি সভা সম্পন্ন হয়।