আজাদি কা অমৃত মহোৎসৱ উপলক্ষে মঙলদৈ পৌৰসভাৰ অভিনৱ প্ৰচাৰ 

আজাদি কা অমৃত মহোৎসৱ উপলক্ষে মঙলদৈ পৌৰসভাৰ এলেকাত মঙলদৈ পৌৰসভাৰ সদস্য সকলে বৃহস্পতি বাৰে বাটৰ নাটৰ যৰিয়তে জনসাধাৰণক সজাগ কৰে। 

মঙলদৈ পৌৰসভাৰ এলেকাত তিনিটা স্থানত পৌৰ সভাৰ পৌৰপতি,উপপৌৰপতি আৰু খণ্ড আয়ুক্ত বাটৰ নাটৰ যৰিয়তে জনসাধাৰণক আগন্তুক স্বাধীনতা দিৱস উপলক্ষে প্ৰতি ঘৰ আবাসীৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান,চৰকাৰী বেচৰকাৰী কাৰ্যালয়ত ১৩,১৪ আৰু১৫ আগষ্টত তিনিদিনীয়াকৈ ত্ৰিৰংগা পতকা উত্তোলন কৰিবলৈ আহ্বান জনায়।

মঙলদৈ পৌৰসভাই আশা প্ৰকাশ কৰে যে আজাদি কা অমৃত মহোৎসৱ উপলক্ষে ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ ১৩,১৪আৰু১৫ আগষ্ট তাৰিখে প্ৰতিঘৰ ভাৰতীয় নাগৰিকৰ বাসগৃহত সন্মান সহকাৰে ত্ৰিৰংগা পতকা উত্তোলন কৰিব।