সোণাৰি এটা জৰাজীৰ্ণ পথ।

সোণাৰি পৌৰসভাৰ এটা জৰাজীৰ্ণ পথে জীয়াতু ভুগাইছে জনসাধাৰণক

সোণাৰি পৌৰসভাৰ অন্তৰ্গত এটা পথৰ বিধ্বস্ত অৱস্থাই জীয়াতু ভুগাইছে জনসাধাৰণক। সোণাৰিৰ তিনি আৰু ন নং ৱাৰ্ড সংযোগী পথটো সম্প্ৰতি পানীৰ তলত ডুব গৈ থকাৰ ফলত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে দুয়োটা ৱাৰ্ডৰ ৰাইজ। জানিব পৰা মতে পথটো পৃষ্ঠভূমিৰ পৰা বহু তলত নিৰ্মাণ কৰাৰ বাবেই ঠায়ে ঠায়ে দ' গাঁতৰ সৃষ্টি হৈছে। যাৰ ফলত বৰষুণ দিলেই পানীৰ তলত থাকে পথটো। সমগ্ৰ বিষয়টো সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অৱগত কৰা হৈছে যদিও আজিলৈকে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। ফলত এতিয়া ক্ষোভিত ৰাইজে অতি শীঘ্ৰে পথটো সুপৰিকল্পিত ভাৱে নিৰ্মানৰ জৰিয়তে পৌৰবাসীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ দাবী উত্থাপন কৰিছে।