দুমুনিচকীত ভয়ংকৰ দুৰ্ঘটনা___কথমপি প্ৰাণ ৰক্ষা অৰ্ধ শতাধিক যাত্ৰীৰ।

কামৰূপ জিলাৰ

বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত দুমুনিচকীত আজি সন্ধিয়া প্ৰায় ৬ বজা মানত সংঘটিত ভয়ংকৰ বাছ দুৰ্ঘটনাত প্ৰায় অৰ্দ্ধ শতাধিক যাত্ৰীৰ কথমপি প্ৰাণ ৰক্ষা পৰে। প্ৰাপ্ত তথ্য অনুসৰি দূৰ্ঘটনাত পতিত হোৱা এ এছ ০১ এইচ চি ০০৫৭ নম্বৰৰ আল্ট্ৰা( দেৱলীনা) বাছ খন১৫ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে তেজপুৰৰ পৰা গুৱাহাটীলৈ আহি থকা অৱস্থাত এই দূৰ্ঘটনা সংঘটিত হয় । ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ সম্পূৰ্ণ বন্ধ আছিল। দ্ৰুতগতিত আহি থকা আল্ট্ৰা  বাছখনে দুমুনিচকী হাইস্কুল পাৰ হৈ একপ্ৰকাৰ  নিয়ন্ত্ৰণ হেৰুৱাই ৰখাই থোৱা ট্ৰাকৰ মাজেৰে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ দক্ষিণ ফালৰ " দ" গাতত সোমাই পৰে । এনে পৰিস্থিতিত যাত্ৰী সকলৰ মাজত হাহাকাৰ লাগি পৰে।আৰক্ষী সূত্ৰই জনোৱা মতে কোনো ধৰণৰ বিপদ নোহোৱাকৈ ৰক্ষা পৰে বাছ খনৰ যাত্ৰী সকল । পিছত স্থানীয় ৰাইজ আৰু বাইহাটা চাৰিআলি আৰক্ষীৰ তৎপৰাত যাত্ৰী সকলক বাছ খনৰ ভিতৰৰ পৰা উদ্ধাৰ কৰি নিজ নিজ ঠাইলৈ যোৱাৰ ব্যৱস্থা কৰি দিয়ে।ইয়াৰ ভিতৰত মাত্ৰ সামান্য আহঁত এজন যাত্ৰীক বেজেৰা সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয়।