ছেপ্তেম্বৰ মাহৰ শেষৰ ফালে স্বাস্থ্য বিভাগৰ তৃতীয় বৰ্গৰ পদৰ লিখিত পৰীক্ষা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। 

এই সুখবৰ প্ৰদান কৰি তেওঁ স্বাস্থ্য খণ্ডৰ ওপৰত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। 

বিগত ৬ মাহত ৰাজ্যত শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস পোৱা বুলি কয় মহন্তই। 

তদুপৰি তেওঁ কয় যে জাপানীজ এনকেফেলাইটিছৰ চিকিৎসা প্ৰতিখন চিকিৎসালয়ত পৰ্যাপ্ত পৰিমাণে কৰি থকা হৈছে। 

'ভাল চিকিৎসা প্ৰদানৰ চেষ্টা কৰা হৈছে। প্ৰথম পৰ্যায়তে যাতে এনকেফেলাইটিছ ধৰা পেলাব পাৰি তাৰ বাবে ব্যৱস্থা লোৱা হৈছে', এইদৰে কয় মহন্তই। 

আনহাতে মাংকি পক্সৰ বাবে স্বাস্থ্য বিভাগ সাজু হৈ আছে বুলি মন্তব্য কৰি এই ক্ষেত্রত সকলোকে এলাৰ্ট কৰি থোৱা হৈছে বুলি কয়। 

লক্ষণ দেখা পালেই ততাতৈয়াকৈ চিকিৎসা গ্ৰহণ কৰা হ'ব বুলি মন্ত্ৰী মহন্তই মন্তব্য কৰে।