কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ গুৱাহাটী ভ্ৰমণ আৰু অহা তিনিদিনত ৰাজ্যৰ ৰাজধানীত হ'বলগীয়া কেইবাখনো গুৰুত্বপূৰ্ণ সভাক লৈ গুৱাহাটীত নতুন পথ নিৰ্দেশনা জাৰি কৰা হৈছে। 

৭ অক্টোবৰত পুৱা ১১ বাজি ৩০ মিনিটৰ পৰা নিশা ১১ বজালৈ ২৭ নং আৰু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৬ চকা বা তাতকৈ ওপৰৰ বাণিজ্যিক সামগ্ৰী কঢ়িওৱা বাহনৰ চলাচল বন্ধ। 

৮ অক্টোবৰত পুৱা ৭ বজাৰ পৰা নিশা ১১ বাজি ৩০ মিনিটলৈ ২৭ আৰু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত চাৰিচকীয়া বা তাতকৈ ওপৰৰ বাণিজ্যিক বাহনৰ চলাচল বন্ধৰ নিৰ্দেশ। 

৯ অক্টোবৰত পুৱা ৮ বজাৰ পৰা পুৱা ১১ বাজি ৩০ মিনিটলৈ ডিজি আৰপিএডি, এটি ৰোড, এম জি ৰোড, কে এল বি ৰোড, টাইবুল্লা ৰোড, জি এন বি ৰোড, বি বৰুৱা ৰোড আৰু এল জি এছ ৰোডত সকলো ধৰণৰ বাণিজ্যিক সামগ্ৰী কঢ়িওৱা বাহনৰ চলাচল বন্ধ থাকিব। 

বাণিজ্যিক বাহনৰ বাদে অন্য বাহনৰ চলাচল সাধাৰণ ধৰণেই অব্যাহত থাকিব বুলি প্ৰশাসনে জানিব দিছে।