বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত আগদীয়া পথাৰত আজি সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। এটা পৰিয়ালৰ দুটি শিশুৰ সলিল সমাধি ঘটাত আগদিয়া পথাৰত বিৰাজ কৰিছে শোকাকুল পৰিৱেশে।

আগদিয়া পথাৰৰ চহিদুল ইছলামৰ ১১ বছৰীয়া পুত্ৰ ফাৰুক আলী আৰু কহিনুৰ বেগমৰ ৭ বছৰীয়া পুত্ৰ ছামিৰ আহমেদে আন এজন সমনীয়াৰ সৈতে নিজ ঘৰৰ পুখুৰীত থাৰ্মকলৰ ভেলত উঠি খেলি থাকোতে পুখুৰীৰ পানীত পৰি অকাল মৃত্যুক সাৱটি লয়।

স্থানীয় ৰাইজে শিশু দুটিক উদ্ধাৰ কৰি বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।