চুবুৰীয়া দেশ বাংলাদেশৰ ৰাজধানী ঢাকাত দুৰ্গাপূজা মণ্ডপত পূজা কৰিছে অসমৰ এজন পুৰোহিতে৷ গাত গামোচা লৈ দুৰ্গাদেৱীৰ পূজা মণ্ডপত বহিছে তেজপুৰৰ পুৰোহিত সুভাষ চন্দ্ৰ চক্ৰৱৰ্তীয়ে৷ তেজপুৰ নিৱাসী প্ৰসিদ্ধ পুৰোহিত সুভাষ চন্দ্ৰ চক্ৰৱৰ্তী ঢাকাৰ আজিমপুৰৰ চৰকাৰী কৰ্মচাৰী আৱাসৰ অস্থায়ী দুৰ্গা পূজা মণ্ডপত পৌৰহিত্য কৰিবলৈ আমন্ত্ৰিত হৈছিল৷ আজিমপুৰ সাৰ্বজনীন শাৰদীয় দুৰ্গোৎসৱ উদ্যাপন পৰিষদে তেওঁক পুৰোহিতৰূপে আমন্ত্ৰণ জনাইছিল৷ পুৰোহিত সুভাষ চন্দ্ৰ চক্ৰৱৰ্তীয়ে ‘আমাৰ অসম’ক জানিবলৈ দিয়া মতে তেওঁ ১৫ বছৰ ধৰি দিল্লীত দুৰ্গাপূজাত পৌৰহিত্য কৰি আহিছে৷ এইবেলি প্ৰথমবাৰৰ বাবে তেওঁ দেশৰ বাহিৰৰ দুৰ্গাপূজাৰ পুৰোহিতৰূপে আমন্ত্ৰিত হৈছে৷ তেওঁ কয়–এইবেলি বিদেশৰ মাটিত মোৰ প্ৰথম দুৰ্গাপূজা৷ এয়া পৃথক অভিজ্ঞতা৷ ভিন্ন পৰিৱেশ কিন্তু অভিন্ন কৰ্ম৷ ইয়াৰ মানুহে যি প্ৰত্যাশা লৈ আমাক পুৰোহিতৰূপে আমন্ত্ৰণ জনাইছে সেই প্ৰত্যাশা যাতে পূৰণ কৰিব পাৰো– সেয়া হয়তো মোৰ বাবে প্ৰত্যাহ্বান৷ প্ৰাপ্ত বাতৰি মতে আজিমপুৰ সাৰ্বজনীন দুৰ্গোৎসৱ উদ্যাপন পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি ড॰ শ্যামা প্ৰসাদ বেপাৰীয়ে দিল্লীত সুভাষ চন্দ্ৰ চক্ৰৱৰ্তীৰ বিধিপাঠ, পূজালৈ মুগ্ধ হৈ ঢাকাত অনুষ্ঠিত পূজাত পুৰোহিতৰূপে আমন্ত্ৰণ জনাইছে৷ চক্ৰৱৰ্তীয়ে জানিবলৈ দিয়া মতে বাংলাদেশত পূজাৰ বিধি সামান্য বেলেগ৷ বাংলাদেশত সাত্তিক পূজাই বেছিকৈ হয়৷ অসমত নমামী ব্ৰহ্মপুত্ৰ, নমামী বৰাক অনুষ্ঠিত কৰিবলৈ বহিঃৰাজ্যৰ পৰা পুৰোহিত আমন্ত্ৰণ জনোৱাৰ বিপৰীতে বাংলাদেশৰ ৰাজধানী ঢাকাত পূজা কৰিবলৈ অসমৰ পুৰোহিতে আমন্ত্ৰণ লাভ কৰা প্ৰসংগই ব্যাপক চৰ্চা লাভ কৰিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
શ્રીમતી સ્વયં પ્રભાબહેન શાહ હાઇસ્કૂલ મહુધા ખાતે વૃક્ષારોપણ કાર્યક્રમ યોજાયો.
પ્રકૃતિની શોભા વૃક્ષ ને ધ્યાનમાં રાખી મહુધા કેળવણી મંડળના સહમંત્રી ભીખાભાઈ પટેલ,શાળાના આચાર્ય...
BOTAD - ઢસાગામને PHCને CHC નો દરજ્જો મળ્યો જિલ્લા પંચાયત પ્રમુખે રાજ્ય સરકારનો આભાર માન્યો
BOTAD - ઢસાગામને PHCને CHC નો દરજ્જો મળ્યો જિલ્લા પંચાયત પ્રમુખે રાજ્ય સરકારનો આભાર માન્યો
અમરેલી માં , ચકકરગઢ રોડ , આદર્શ પાનની ગલીમા , ખુલ્લી જગ્યા માં જાહેરમા જુગાર રમતા સાત ઇસમોને રોકડા રૂ .૧૩૩૨૦ / -ના મુદ્દામાલ સાથે પકડી પાડતી અમરેલી રૂરલ પોલીસ સ્ટેશનની ટીમ
શ્રી હિમકર સિંહ , પોલીસ અધિક્ષક , અમરેલી નાઓ દ્વારા અમરેલી જીલ્લામાં દારૂ - જુગારની બદ્દી દુર...