চুবুৰীয়া দেশ বাংলাদেশৰ ৰাজধানী ঢাকাত দুৰ্গাপূজা মণ্ডপত পূজা কৰিছে অসমৰ এজন পুৰোহিতে৷ গাত গামোচা লৈ দুৰ্গাদেৱীৰ পূজা মণ্ডপত বহিছে তেজপুৰৰ পুৰোহিত সুভাষ চন্দ্ৰ চক্ৰৱৰ্তীয়ে৷ তেজপুৰ নিৱাসী প্ৰসিদ্ধ পুৰোহিত সুভাষ চন্দ্ৰ চক্ৰৱৰ্তী ঢাকাৰ আজিমপুৰৰ চৰকাৰী কৰ্মচাৰী আৱাসৰ অস্থায়ী দুৰ্গা পূজা মণ্ডপত পৌৰহিত্য কৰিবলৈ আমন্ত্ৰিত হৈছিল৷ আজিমপুৰ সাৰ্বজনীন শাৰদীয় দুৰ্গোৎসৱ উদ্যাপন পৰিষদে তেওঁক পুৰোহিতৰূপে আমন্ত্ৰণ জনাইছিল৷ পুৰোহিত সুভাষ চন্দ্ৰ চক্ৰৱৰ্তীয়ে ‘আমাৰ অসম’ক জানিবলৈ দিয়া মতে তেওঁ ১৫ বছৰ ধৰি দিল্লীত দুৰ্গাপূজাত পৌৰহিত্য কৰি আহিছে৷ এইবেলি প্ৰথমবাৰৰ বাবে তেওঁ দেশৰ বাহিৰৰ দুৰ্গাপূজাৰ পুৰোহিতৰূপে আমন্ত্ৰিত হৈছে৷ তেওঁ কয়–এইবেলি বিদেশৰ মাটিত মোৰ প্ৰথম দুৰ্গাপূজা৷ এয়া পৃথক অভিজ্ঞতা৷ ভিন্ন পৰিৱেশ কিন্তু অভিন্ন কৰ্ম৷ ইয়াৰ মানুহে যি প্ৰত্যাশা লৈ আমাক পুৰোহিতৰূপে আমন্ত্ৰণ জনাইছে সেই প্ৰত্যাশা যাতে পূৰণ কৰিব পাৰো– সেয়া হয়তো মোৰ বাবে প্ৰত্যাহ্বান৷ প্ৰাপ্ত বাতৰি মতে আজিমপুৰ সাৰ্বজনীন দুৰ্গোৎসৱ উদ্যাপন পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি ড॰ শ্যামা প্ৰসাদ বেপাৰীয়ে দিল্লীত সুভাষ চন্দ্ৰ চক্ৰৱৰ্তীৰ বিধিপাঠ, পূজালৈ মুগ্ধ হৈ ঢাকাত অনুষ্ঠিত পূজাত পুৰোহিতৰূপে আমন্ত্ৰণ জনাইছে৷ চক্ৰৱৰ্তীয়ে জানিবলৈ দিয়া মতে বাংলাদেশত পূজাৰ বিধি সামান্য বেলেগ৷ বাংলাদেশত সাত্তিক পূজাই বেছিকৈ হয়৷ অসমত নমামী ব্ৰহ্মপুত্ৰ, নমামী বৰাক অনুষ্ঠিত কৰিবলৈ বহিঃৰাজ্যৰ পৰা পুৰোহিত আমন্ত্ৰণ জনোৱাৰ বিপৰীতে বাংলাদেশৰ ৰাজধানী ঢাকাত পূজা কৰিবলৈ অসমৰ পুৰোহিতে আমন্ত্ৰণ লাভ কৰা প্ৰসংগই ব্যাপক চৰ্চা লাভ কৰিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जिल्हा परिषद बोरगव्हाण शाळेचे 15 विद्यार्थी शिष्यवृत्तीस पात्र
पाथरी:-तालुक्यातील बोरगव्हाण च्या जिल्हा परिषद प्राथमिक व माध्यमिक शाळेतील विद्यार्थ्यांनी घवघवीत...
Rang Panchami: 12 मार्च को है रंग पंचमी, इन उपायों से मिलेगा देवताओं का आशीर्वाद, दूर होंगे सब संकट
पौराणिक मान्यताओं के अनुसार चैत्र मास के कृष्ण पक्ष की पंचमी को देवता स्वर्ग से पृथ्वी पर आते...
रोहा पुलिस ने जब्द की आँठ अबैध मवेशी भर्ती वाहन ।
अबैध मवेशी भर्ती वाहन जब्द
৩৩তম্ প্ৰতিষ্ঠা দিৱসত উদুলি মুদুলি অকণিৰ কবিতা ঘৰ, অসম কেন্দ্ৰীয় সমিতি ৰহা
বৰ্ষ ১৯৯৪ৰ ১ জানুৱাৰীত স্থাপিত ব্যক্তি ক্ৰম ধৰ্মী শিশু অনুষ্ঠান অকণিৰ কবিতা ঘৰ, অসম...
Uddhav Thackeray यांनी भर Dasara Melava मध्ये बाळासाहेबांचे तोतये असा कुणाचा केला उल्लेख?| Shiv Sena
Uddhav Thackeray यांनी भर Dasara Melava मध्ये बाळासाहेबांचे तोतये असा कुणाचा केला उल्लेख?| Shiv Sena