ৰে’ল যাত্ৰাৰ সময়তে হৃদৰোগত আক্ৰান্ত হৈছিল স্বামী! এনেদৰে মৃত্যুৰ মুখৰ পৰা ঘূৰাই আনিলে পত্নীয়ে,

ৰে’ল যাত্ৰাৰ সময়তে হৃদৰোগত আক্ৰান্ত হৈছিল স্বামী! এনেদৰে মৃত্যুৰ মুখৰ পৰা ঘূৰাই আনিলে পত্নীয়ে, ভাইৰেল ভিডিঅ’

 চলন্ত ৰে’লত হাৰ্ট এটেক অহা স্বামীক মৃত্যুৰ দুৱাৰদলিৰ পৰা ঘূৰাই আনিলে পত্নীয়ে। শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পিছে এনে এটা ভিডিঅ’।

দৰাচলতে চলন্ত ৰে’লৰ ভিতৰতে হাৰ্ট এটেক আহিছিল এগৰাকী ৬৭ বৰ্ষীয় ব্যক্তিৰ। ৰে’লখন আহি মথুৰা ষ্টেছনত উপস্থিত হোৱাৰ পিছতে ব্যক্তিজনক ৰে’লৰ পৰা নমাই প্লেটফৰ্মলৈ অনা হয়।

কিন্তু তেতিয়ালৈকে শ্বাস প্ৰশ্বাস বন্ধ হৈ পৰিছিল ব্যক্তিজনৰ। সেই সময়ত প্লেটফৰ্মত উপস্থিত থকা এগৰাকী আৰপিএফ কনিষ্টবলৰ পৰামৰ্শমৰ্মে ব্যক্তিজনৰ পত্নীয়ে তেওঁক মুখেৰে চিপিআৰ প্ৰদান কৰাত অৱশেষত উশাহ ঘূৰি আহে লোকজনৰ।