সোণাৰিত মহাত্মা গান্ধীৰ জন্মজয়ন্তী পালন

জাতিৰ পিতা মহামানৱ অহিংসাৰ পূজাৰী মহাত্মা গান্ধীৰ জন্ম জয়ন্তী উপলক্ষে থুকুবিল ১৪ নং ৱাৰ্ডৰ ৩৩ নং বুথৰ দেৱজিৎ দত্ত বাসগৃহত স্বদেসী, খাদী,স্বচ্ছতাৰ অভিযান সম্পৰ্কত বিজেপি চৰাইদেউ জিলা সমিতিৰ উদ্যোগত  এখনি সভা অনুষ্ঠিত হয়। উক্ত সভাত স্থানীয় শিপীনি সকলৰ লগত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ দেৱে মত বিনিময় কৰে, তাৰপাছত সামূহিক চাফাই কাৰ্যসূচীত অংশগ্ৰহণ কৰে সোনাৰি সমষ্টিৰ মাননীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াই। তেখেতৰ লগত অংশগ্ৰহণ কৰে চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছা ডাঙৰীয়া, সোনাৰী পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, চাহ মৰ্চাৰ সম্পাদক উমাকান্ত তাছা ডাঙৰীয়া, সোনাৰি পৌৰসভাৰ ৱাৰ্ড কমিছনাৰ সকলৰ লগতে, চৰাইদেউ জিলা বিজেপিৰ উপ-সভাপতি গোপীনাথ ৰায়, সদস্য প্ৰবাল দে , যুৱ মৰ্চাৰ ৰাজ্যিক সদস্য জ্যোতিষ কোঁৱৰ প্ৰমূখ্যে বহু কেইজন দলীয় কাৰ্যকৰ্তা।

  জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মদিনত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে সকলোলৈ এই পবিত্ৰ দিনটোত শুভেচ্ছা জ্ঞাপন কৰে সোনাৰি সমষ্টিৰ মাননীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ দেৱে।।