মৰাণত গান্ধী জয়ন্তী উদযাপনৰ লগতে স্বচ্ছতা অভিযান।

আজি ২ অক্টোবৰ, গান্ধী জয়ন্তী উপলক্ষে মৰাণৰ গান্ধী উদ্যানত মৰাণ ৰাজহ চক্ৰৰ উদ্যোগত আৰু তিলৈ গাওঁপঞ্চায়তৰ সহযোগত মৰাণ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া শ্ৰাৱনা সোনোৱাল আৰু মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ উপস্থিতিত জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন, বন্তি প্ৰজ্বলন কৰি গান্ধী জয়ন্তী উদযাপনৰ কৰে। লগতে ভাৰতীয় জনতা পাৰ্টী, খোৱাং মণ্ডলৰ উদ্যোগত আৰু তিলৈ গাওঁপঞ্চায়তৰ সহযোগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিনৰ উপলক্ষ্যে সেৱা পষেকৰ লগত সংগতি ৰাখি গান্ধী জয়ন্তী উপলক্ষ্যে স্বচ্ছতা অভিযান কাৰ্যসূচী হাতত লয়।