সাধাৰণতে পুৱাৰ আহাৰৰ সৈতে একোটাকৈ সিদ্ধ কণী খোৱাটো বহুতেই পছন্দ কৰে৷ স্বাস্থ্য সচেতন লোকসকলে খাদ্য তালিকাত দৈনিক একোটাকৈ সিদ্ধ কণী খায়৷ কণীৰ কুহুমত পৰ্যাপ্ত পৰিমাণৰ কলেষ্টৰেল থাকে৷ সেইবাবে মাত্ৰাধিক কণী খালে হৃদযন্ত্ৰৰ বাবে ক্ষতিকাৰক বুলি বহুতৰে এটা ধাৰণা আছে৷ কিন্তু ২০১৮ চনত এই বিষয়ে হোৱা এক সমীক্ষাত এই কথা বিজ্ঞানসন্মত নহয় বুলি প্ৰমাণিত হৈছে৷ চীন দেশত অদ্ধৰ্ মিলিয়ন প্ৰাপ্ত বয়স্কৰ ওপৰত এক সমীক্ষা চলোৱা হৈছিল৷ গৱেষকসকলে এই সমীক্ষাৰ অন্তত প্ৰকাশ কৰে যে প্ৰতিদিনে কমেও এটাকৈ সিজোৱা কণী খোৱাসকলৰ হৃদৰোগ বা ষ্ট্ৰোকৰ আশংকা উল্লেখযোগ্যভাৱে কম হয়৷ এই সমীক্ষাত অংশগ্ৰহণকাৰীসকলৰ তেজৰ প্লাজমা নমুনা সংগ্ৰহ কৰা হৈছিল৷ গৱেষকসকলে চলোৱা এই সমীক্ষাত পোহৰলৈ আহে যে যিসকলে প্ৰায়েই কণী খাইছিল তেওঁলোকৰ তেজত অ্যাপোলিপোপ্ৰোটিন এ-১ উচ্ছ ঘনত্বৰ লাইপ্ৰোপ্ৰোটিনৰ একোটা বিল্ডিং ব্লক নামৰ প্ৰোটিনৰ মাত্ৰা বেছি আছিল৷ তেওঁলোকৰ তেজত এইছ ডি এল অণুৰ পৰিমাণ পোৱা গৈছিল৷ এই অণুৱে ৰক্তনলীত জমা হৈ থকা কলেষ্টৰেল পৰিষ্কাৰ কৰাত সহায় কৰে৷ যাৰ ফলত হাৰ্টএটেক বা ষ্ট্ৰোকৰ পৰা ৰক্ষা কৰাত ই সহায় কৰে৷ গৱেষকসকলে আৰু চৈধ্যতা বিপাক চিনাক্ত কৰিছিল৷ যাৰ হৃদৰোগৰ সৈতে সম্পৰ্ক আছিল৷ গৱেষকসকলে এই সমীক্ষাত প্ৰকাশ কৰে যে যিসকলে কমকৈ কণী খাইছিল তেওঁলোকৰ তেজত উপকাৰী বিপাকৰ মাত্ৰা কম আৰু ই নিয়মীয়াকৈ কণী খোৱাসকলৰ তুলনাত হৃদযন্ত্ৰৰ বাবে ক্ষতিকাৰক হৈ পৰে৷ এই সমীক্ষাত অন্তত গৱেষকসকলে প্ৰকাশ কৰে যে নিয়মীয়াকৈ যিসকলে কণী খাই তেওঁলোক হৃদৰোগৰ পৰা যথেষ্ট পৰিমাণে হাত সাৰি থাকিব পাৰে৷ এই সমীক্ষাই প্ৰমাণ কৰে নিয়মীয়াকৈ একোটা সিদ্ধ কণী খালে হৃদৰোগৰ পৰা সহজেই হাতসাৰি থাকিব পাৰি৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰলৈ ৰাইজৰ বন্ধু বঁটা
সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰলৈ ৰাইজৰ বন্ধু বঁটা
Sanjay Shirsat यांना Eknath Shinde यांनी पुन्हा दणका दिला?| Shiv Sena | Aurangabad News | Thackeray
Sanjay Shirsat यांना Eknath Shinde यांनी पुन्हा दणका दिला?| Shiv Sena | Aurangabad News | Thackeray
સર્વર મેન્ટેનન્સની કામગીરીના કારણે વલસાડ સહિત રાજ્યની આરટીઓના લાઇસન્સના કામો ખોરંભે
હાલમાં આરટીઓના સારથી સોફ્ટવેરમાં મેન્ટેનન્સ ની કામગીરી હોવાથી સોફ્ટવેરમાં એરર આવી રહી હોવાથી...
मध्य प्रदेश की सीएम शिवराज सिंह चौहान (Shivraj Singh Chouhan) ने आज मंगलवार को बाढ़ प्रभावित क्षेत्रों का दौरा किया
मध्य प्रदेश में हो रही तेज बारिश की वजह से कई क्षेत्रों में बाढ़ (Flood) के हालात बने हुए हैं....
চন্দ্ৰৰ পৰা মাত্ৰ ১৪০০ কিলোমিটাৰ দূৰত্বত চন্দ্ৰযান-৩ মহাকাশযান
ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই বুধবাৰে জনাইছে যে চন্দ্ৰযান-৩ মহাকাশযানখনে আন এক কক্ষপথ হ্ৰাসৰ...