মৰাণৰ সাহিত্য চৰ্চাৰ অনুষ্ঠান জোনাকী মেলৰ ১৯৩ সংখ্যক বৈঠক সম্পন্ন

২০০৬ ত প্ৰতিষ্ঠা লাভ কৰা মৰাণ অঞ্চলৰ সাহিত্য চৰ্চাৰ অনুষ্ঠান জোনাকী মেলৰ ১৯৩ সংখ্যক বৈঠক খন যোৱা ৩০ ছেপ্টেম্বৰত সন্ধিয়া মৰাণৰ সেউজপুৰ নিবাসী ধেমাজি দিচাং পানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ ভূপেন নাথ আৰু তুলিকা নাথ চেতিয়াৰ পৰিয়ালৰ আতিথ্যত সেউজপুৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় । বিশিষ্ট লেখক ডাঃ বিৰিঞ্চি কুমাৰ গগৈয়ে বৰমেলুৱৈ কৰা বৈঠক খনৰ আৰম্ভণীতে উদ্দেশ্য ব্যাখ্যা দাঙি ধৰে জোনাকী মেলৰ মুখ্য উদ্যোক্তা তথা সাংবাদিক বাছা বৰাই । এই বাৰ জোনাকী মেলত আলোচ্য বিষয় আছিল "অসমীয়া সাহিত্য আৰু শৰত"। বিষয়টোৰ ওপৰত মুখ্য আলোচক হিচাপে বক্তব্য প্ৰদান কৰে বিশিষ্ট সাহিত্যিক, লেঙেৰী কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ নীলকান্ত গগৈয়ে । আলোচক গৰাকীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে অসমীয়া সাহিত্যত কবিতা আৰু গীতত উল্লেখ থকা শৰতৰ বৰ্ণনা সম্পৰ্কে এটি মনোজ্ঞ আলোচনা আগবঢ়ায় । উক্ত বিষয়টোৰ ওপৰতে বিশিষ্ট সাহিত্যিক ডাঃ লোহিত কুমাৰ বৰায়ো এটি সাৰুৱা বক্তব্য প্ৰদান কৰে । শিল্পী মুনিন ওজা আৰু প্ৰবীণ বৰাই মহাপুৰুষ শ্ৰীশ্ৰীমাধৱদেৱৰ এটি প্ৰাৰ্থনা ঘোষাৰে শুভ উদ্বোধন কৰা বৈঠক খনত অসম চৰকাৰৰ কৃতী শিক্ষকৰ ৰাজ্যিক বঁটা পাই মৰাণলৈ গৌৰৱ কঢ়িয়াই অনা জিতেন দাসক জোনাকী মেলৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হয় । ভূপেন নাথে আদৰণি ভাষণ আগবঢ়োৱা বৈঠক খনত কবিতা পাঠ কৰে বিশিষ্ট কবি ডাঃ নিৰঞ্জন দাস , অঞ্জু দত্ত বৰুৱা, নিভা গগৈ, দেৱযানী সন্দিকৈ, বীণা কোৱঁৰ, সত্যনাথ শৰ্মা আৰু যোগেন সিঙে । বৈঠকত কেইবাগৰাকিও জনপ্ৰিয় কন্ঠ শিল্পী ক্ৰমে শিৱসাগৰৰ ৰণ কোঁৱৰ, মৰাণৰ স্বপ্ননীল বৰুৱা, অংকিতা কলিতা, অলস্মিতা আদিত্যবৰ্ণা, প্ৰাঞ্জনা চুতীয়াই ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰাৰ লগতে শিল্পী শৰত মহন, ভূপেন নাথে মুনিন দত্ত আৰু লোকনাথ গোস্বামীৰ গীত পৰিৱেশন কৰি সৌষ্ঠৱ বৃদ্ধি কৰি তোলে । শতাধিক ৰাইজ সমবেত হোৱা বৈঠক খনত, জনপ্ৰিয় কন্ঠ শিল্পী বিপিন চাউদাং, সমাজকৰ্মী সত্যৰঞ্জন বুঢ়াগোহাঁই, মহেন্দ বৰা, ৰত্নেশ্বৰ বৰবৰুৱা, ৰঞ্জুমণি বৰা, মনোজ কলিতা, উত্তম দেউৰী, শৈলেন কলিতা, নমিতা দত্ত, মনমোহন চিক, প্ৰবীণ কোঁৱৰ, ভোগেশ্বৰ শইকীয়া, প্ৰফুল্ল গগৈকে মুখ্য কৰি বহু কেইজন গুণী-জ্ঞানী ব্যক্তি উপস্থিত আছিল । শেষত বাছা বৰাই শলাগৰ শৰাই আগবঢ়োৱা পাচতে জাতীয় সংগীত পৰিৱেশনেৰে কাৰ্যসূচী সামৰণী মৰা হয় ।