আজিৰ খবৰ, গুৱাহাটী, ১৭ জুলাই,২০২২: ভাৰতৰ মুখ্য যোগাযোগ সমাধান প্ৰদানকাৰী ভাৰতী এয়াৰটেল (এয়াৰটেল)-এ আজি বাংগালুৰুস্থিত বছ (BOSCH) অটোমোটিভ ইলেক্ট্ৰনিকছ ইণ্ডিয়া প্ৰাইভেট লিমিটেড (আৰবিএআই)-ৰ সুবিধাৰ্থে তেওঁলোকৰ চৌহদত প্ৰথম ৫জি প্ৰাইভেট নেটৱৰ্কৰ সফল পৰীক্ষণ কৰাৰ ঘোষণা কৰিছে। টেলিকম বিভাগৰ দ্বাৰা আৱণ্টন কৰা ট্ৰাইল ৫জি স্পেকট্ৰাম (ডিঅ'টি)ৰ জৰিয়তে এয়াৰটেলে অন-প্ৰিমাইচ ৫জি কেপটিভ প্ৰাইভেট নেটৱৰ্ক নিৰ্মাণ কৰিছে। 

এয়াৰটেলে তেওঁলোকৰ মানদণ্ড উন্নত আৰু কাৰ্যকৰী কৰাৰ বাবে দুটা ঔদ্যোগিক গ্ৰেড ব্যৱহাৰৰ কেচ কাৰ্যকৰী কৰিছে। তেওঁলোকে এই ক্ষেত্ৰত বছত অত্যাধুনিক নিৰ্মাণ সুবিধাৰ দক্ষতা আৰু ট্ৰাইল স্পেকট্ৰাম ব্যৱহাৰ কৰিছে। দুয়োটা ৫জি প্ৰযুক্তি, যি- ম'বাইল ব্ৰডবেণ্ড আৰু অতি নিৰ্ভৰযোগ্য ল' লেটেন্সি যোগাযোগ চালিত আৰু স্বয়ংক্ৰিয় কাৰ্যকলাপৰ, যিয়ে দ্ৰুত স্কেল আপ আৰু ডাউনটাইম হ্ৰাস কৰাত নিশ্চিয়তা প্ৰদান কৰিছে। 

বছত ট্ৰাইল স্পেকট্ৰাম স্থাপনৰে ব্যক্তিগত নেটৱৰ্কৰ পৰিচালনা কৰাৰ ক্ষমতা প্ৰদৰ্শন কৰে এয়াৰটেলে। মাল্টি-জিবিপিএছ থ্ৰুপুট প্ৰদান কৰি হাজাৰ হাজাৰক সংযোজিত কৰিছে। ব্যক্তিগত ৫জি নেটৱৰ্কে অধিক নিৰ্ভৰযোগ্যতা, বৰ্ধিত সুৰক্ষা আৰু বৃহৎ নমনীয়তা (huge flexibility) আৰু অপাৰেচনবোৰ তাঁৰৰ পৰা মুক্ত কৰিছে, যি স্বয়ংক্ৰিয় কাৰ্যকলাপৰ লাভালাভ অর্জন কৰাত বছক সক্ষম কৰিবলৈ নিৰ্ভৰশীল।

যিকোনো নিৰ্মাণ স্থাপনৰ ক্ষেত্ৰত মানদণ্ড আৰু দক্ষতা জোখাৰ বাবে অতি গুৰুত্বপূৰ্ণ সঁজুলি। এয়াৰটেলৰ সৈতে ৫জি কেপটিভ প্ৰাইভেট নেটৱৰ্ক, বছ মেনুফেকচাৰিং এক্সিকিউচন চিষ্টেমত Automatic Optical Inspection (AOI)ৰ জৰিয়তে চুৰফেচ মাউন্টেড ডিভাইছসমূহৰ গুণগত মানদণ্ড জোখাৰ সময়

যথেষ্ট হ্ৰাস কৰিবলৈ সক্ষম হৈছে। বছ মেনুফেকচাৰিং এক্সিকিউচনত অতি নিৰ্ভৰযোগ্য আৰু ডাটাৰ দ্ৰুত স্থানান্তৰ নিশ্চিত কৰি প্ৰক্ৰিয়াটো কাৰ্যকৰী কৰা হৈছে আৰু বছ মেনুফেকচাৰিং এক্সিকিউচন চিষ্টেম (MES)ৰ

দ্বাৰা বাস্তৱ-সময়ৰ সিদ্ধান্ত লোৱাৰ বাবে এআই/এমএল চাৰ্ভাৰ নেটৱৰ্ক সুৰক্ষিত কৰিছে।

ব্লাজিং ফাষ্ট (blazing fast), ল' লেটেন্সি, হাই স্পীডৰ ক্ষেত্ৰত এয়াৰটেল ৫জি-য়ে বছ শ্বপ ফ্লোৰ মেনেজাৰবোৰ, অপাৰেটৰক চিনাক্ত আৰু মেৰামতিৰ গড় সময় (এমটিটিআৰ) আৰু বিফলতাৰ মাজত গড় সময় (এমটিবিএফ) হ্ৰাস কৰাত সহায় কৰিছে। 

এয়াৰটেল বিজনেছৰ সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া অজয় চিটকাৰাই(Ajay Chitkar) কয়, "এয়াৰটেলে ভাৰতৰ ডিজিটেলৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ পৰিৱৰ্তন আৰু উদ্যোগৰ বিকাশত সহায় কৰাৰ ক্ষেত্ৰত তেওঁলোকে গোলকীয় স্কেল লাভ কৰিব বিচাৰিছে। আমি বিশ্বাস কৰোঁ যে এয়াৰটেলৰ যিকোনো প্ৰঙ্গত ব্যক্তিগত নেটৱৰ্ক সমাধান আৰু যিকোনো আকাৰৰ উদ্যোগক নেটৱৰ্ক যোগান ধৰাৰ বাবে বিশ্বমানৰ আন্তঃগাঁথনি, অংশীদাৰীত্ব আৰু দক্ষতা আছে।"

ভাৰতৰ বছ অটোমোটিভ ইলেক্ট্ৰনিক্স ইণ্ডিয়াৰ কাৰিকৰী ফাংচনৰ মুৰব্বী সুভাষ পি (Subhash P)-য়ে কয়: "ল' লেটেন্সি আৰু নিৰ্ভৰযোগ্য সংযোগ প্ৰদান কৰা হৈছে এয়াৰটেল প্ৰাইভেট ৫জি নেটৱৰ্কৰ প্ৰাথমিকতা। ৫জিৰ ব্যৱহাৰে আইটি তাঁৰযুক্ত আন্তঃগাঁথনি যথেষ্ট হ্ৰাস কৰিব আৰু কাৰ্যকৰী প্ৰভাৱ বৃদ্ধি কৰিব।"

এয়াৰটেলে ভাৰতত ৫জি প্ৰযুক্তিৰ ওপৰত অগ্ৰাধিকাৰ দি আছে আৰু #5GforBusiness অংশ হিচাপে কেইবাটাও স্থানত একাধিক অংশীদাৰৰ সৈতে তেওঁলোকে বিভিন্ন ভৰ্তিকেল (vertical) উদ্যোগ ব্যৱহাৰৰ কেছ পৰীক্ষা কৰি আছে। যোৱা বছৰ, এয়াৰটেলে সফলতাৰে হায়দৰাবাদত লাইভ ৪জি নেটৱৰ্কৰ ওপৰত ভাৰতৰ প্ৰথম ৫জি অভিজ্ঞতা প্ৰদৰ্শন কৰিছিল। ইয়াৰ উপৰিও আছে ভাৰতৰ প্ৰথম গ্ৰাম্য ৫জি পৰীক্ষণৰ লগতে ৫জিত প্ৰথম ক্লাউড গেমিং অভিজ্ঞতাৰ প্ৰদৰ্শন। ইয়াৰ অংশ হিচাপে #5GforBusiness, এয়াৰটেলে আগশাৰীৰ গোলকীয় পৰামৰ্শ আৰু প্ৰযুক্তি কোম্পানীবোৰৰ সৈতে ইয়াত যোগ দিছে আৰু ব্ৰেণ্ডবোৰে ৫জি আধাৰিত সমাধান পৰীক্ষা ইয়াৰ জৰিয়তে কৰিব।