জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাত শুকুৰবাৰে নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত হোৱা সংঘৰ্ষত নিহত হয় দুজন জইশ-ই-মহম্মদৰ সন্ত্ৰাসবাদী। আৰক্ষীয়ে এই তথ্য প্ৰদান কৰে।

শ্বপিয়ান আৰু বাৰামুলা জিলাত শুকুৰবাৰে পুৱাৰ ভাগত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত এক এনকাউণ্টাৰ সংঘটিত হয় বুলি আৰক্ষীৰ এজন বিষয়াই জানিবলৈ দিয়ে।

দক্ষিণ কাশ্মীৰৰ শ্বপিয়ানৰ চিত্ৰগাম অঞ্চল আৰু উত্তৰ কাশ্মীৰৰ বাৰামুলাৰ য়েদিপুৰা (পট্টন) অঞ্চলত নিৰাপত্তা বাহিনীয়ে ঘেৰাও আৰু তালাচী অভিযান আৰম্ভ কৰাৰ পিছতে এই এনকাউণ্টাৰ আৰম্ভ হয় বুলি বিষয়াগৰাকীয়ে জনায়।

তেওঁ কয় যে বাৰামুলাত সংঘটিত হোৱা এনকাউণ্টাৰৰ সময়ত দুজন সন্ত্ৰাসবাদী নিহত হৈছিল।

কাশ্মীৰৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান বিজয় কুমাৰে টুইট কৰি কৈছে, ‘আৰু এজন সন্ত্ৰাসবাদী নিহত (মুঠ দুজন নিহত হৈছে)। এই দুয়োজন সন্ত্ৰাসবাদী জইশৰ আছিল। অভিযান এতিয়াও চলি আছে…’।

বাৰামুল্লাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ৰায়ছ মহম্মদ ভাটে এখন সংবাদমেলত কয় যে জিলাখনৰ ১০টা খণ্ডত অৱস্থিত সেনাৰ নিযুক্তি সমাৱেশত আক্ৰমণ কৰাৰ  এই সন্ত্ৰাসবাদী সকল বাৰামুলালৈ আহিছিল।