বিজেপিৰ সভাপতিৰ অসম ভ্ৰমণ সম্পৰ্কীয় পৰ্যালোচনা সভাচ

জিলাৰ অভিভাৱক মন্ত্ৰী অসম চৰকাৰৰ উদ্যোগ বিভাগৰ মন্ত্ৰী বিমল বড়া ডাঙৰীয়া বিজেপি চৰাইদেউ জিলা মুখ্য কাৰ্যালয়ত এক বৈঠকত মিলিত হয়। আগন্তুক ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় সভাপতি জে পি নাড্ডা ডাঙৰীয়াৰ অসম আগমনৰ সম্পৰ্কত বিস্তৃত আলোচনা আগবঢ়াই। অহা ৮ অক্টোবৰ তাৰিখে কেন্দ্ৰীয় সভাপতি গৰাকীক  আদৰনি জনোৱা অনুষ্ঠানত অংশগ্ৰহণ সম্পৰ্কে আলোচনা সভাত জিলা সভাপতি লক্ষ্মীনাথ তাছা ডাঙৰীয়াৰ পৌৰহিত্যত অনুষ্ঠিত সভাত প্ৰস্তুতি সন্দৰ্ভত সোনাৰি সমষ্টিৰ মাননীয় বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ডাঙৰীয়াই আলোচনা আগবঢ়াই। উক্ত সভাত উপস্থিত থাকে চৰাইদেউ জিলা সমিতিৰ সাধাৰণ সম্পাদক স্ৱাক্ষৰ জ্যোতি গগৈ, A D C L ৰ অধ্যক্ষ অনুপ সিং ৰাজপুৰোহিত, সোনাৰি পৌৰসভাৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ, ৰাজ্যিক সদস্য দিলীপ কোঁৱৰ,কাজল দে, অসম ৰাজ্যিক মহিলা মৰ্চাৰ উপ-সভানেত্ৰী মিনা চাহু, জিলা পৰিষদৰ সদস্য, ৰাজ নায়ক,যুৱ মৰ্চাৰ সম্পাদক চিৰঞ্জীৱ মহন, চাহ জনগোষ্ঠীয় মৰ্চাৰ সভাপতি বিজয় ভুমিজ, চৰাইদেউ জিলা মহিলা মৰ্চাৰ সভাপনত্ৰী প্ৰনিতা পাঁংগিং, বিভিন্ন মন্ডলৰ সভাপতি, সম্পাদক সকলৰ লগতে ৱাৰ্ড কমিছনাৰ সকলৰ উপৰিও ভালে সংখ্যক দলীয় কাৰ্যকৰ্তা।