ব্ৰহ্মপুত্ৰ উপত্যকা বাগিচা সমূহত শ্ৰমিক ৰাইজৰ সমস্যা সমূহ সমাধান নকৰাৰ প্ৰতিবাদত আজি মৰাণতো অসম চাহ মজদুৰ সংঘই প্ৰতিবাদ সাব্যস্ত কৰে । পুৱাই শ্ৰমিক সকলে কাম এৰি মৰাণৰ হিংৰিজান চাহ বাগিচা আৰু খোৱাং চাহ বাগিচাৰ বাগিচা পৰিচালকৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে । অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত লোৱা এই প্ৰতিবাদী কাৰ্যসূচীত শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি, বাগিচাৰ চিকিৎসা ব্যৱস্থা উন্নত কৰা, উপ কৰ্মচাৰীৰ প্ৰাপ্য বকেয়া ধন আদায় দিয়া, জনজাতিকৰণ কৰা আদি শ্ল'গান লিখা প্লে কাৰ্ড লৈ  পৰিৱেশ উত্তাল কৰি তোলে । প্ৰতিবাদৰ অন্তত চাহ মজদুৰ সংঘৰ তৰফৰ পৰা ১৬ দফিয়া দাবীৰে বাগিচা পৰিচালকৰ জৰিয়তে এক স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে লগতে বাগিচা পৰিচালকো পৃথকে শ্ৰমিকৰ সমস্যা সমাধান বিচাৰি এক স্মাৰক পত্ৰ দাখিল কৰে ।