চৰাইদেউ জিলাত ৰাজহ মন্ত্ৰীৰ দ্বাৰা হিতাধিকাৰীক প্ৰেছাৰ কুকাৰ আৰু গেছ ষ্ট'ভ বিতৰণ

অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে আজি চৰাইদেউ জিলাৰ মহকুমা কল্যাণ বিষয়াৰ কাৰ্যালয়ৰ অধীনত অন্যান্য পিছপৰা শ্ৰেণীৰ উন্নয়ন পৰিষদৰ অধ্যক্ষৰ দ্বাৰা অনুমোদিত প্ৰেছাৰ কুকাৰ আৰু গেছ ষ্ট'ভ অন্যান্য পিছপৰা শ্ৰেণীৰ হিতাধিকাৰীসকলৰ মাজত আনুষ্ঠানিকভাৱে বিতৰণ কৰে। 

এই সন্দৰ্ভত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত পল বৰুৱাৰ অধ্যক্ষতাত অনুষ্ঠিত এক অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত মৌচুমী চেতিয়া, অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমান, অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন পৰিষদৰ অধ্যক্ষ ৰাজেন গগৈ, অনুসূচীত জাতি উন্নয়ন পৰিষদৰ অধ্যক্ষ দীনেশ দাস, অনুসূচীত জনজাতি উন্নয়ন পৰিষদৰ অধ্যক্ষ নিৰঞ্জন মিলি প্ৰমুখ্যে বিশিষ্ট সমাজকৰ্মী মণ্টু কোঁৱৰ আৰু হিতাধিকাৰীসকল উপস্থিত থাকে।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে তেওঁৰ বক্তব্যত ৰাজ্য চৰকাৰে সমাজৰ পিছপৰা শ্ৰেণীৰ আৰ্থিকভাৱে অনগ্ৰসৰ লোকসকলৰ উন্নয়নৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে বুলি উল্লেখ কৰে। আজি লাভ কৰা প্ৰেছাৰ কুকাৰ আৰু গেছ ষ্ট'ভসমূহ ৰাজ্য চৰকাৰৰ পৰা পূজাৰ উপহাৰ বুলি গ্ৰহণ কৰিবলৈ কৈ তেওঁ হিতাধিকাৰীসকলক শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ চৰকাৰে প্ৰদান কৰা অনুদানসমূহৰ সদব্যৱহাৰ কৰাৰ লগতে এই সমূহ নিজৰ দক্ষতা বিকাশৰ আহিলা হিচাপে গ্ৰহণ কৰি আৰ্থিকভাৱে স্বচ্ছল হ'বলৈ হিতাধিকাৰী সকললৈ আহ্বান জনায়। তেওঁ লগতে অন্যান্য পিছপৰা শ্ৰেণী উন্নয়ন পৰিষদৰ বিষয়-ববীয়াক প্ৰতিবছৰে অনুদান লাভ কৰা হিতাধিকাৰীসকলৰ তালিকা যথাযথভাৱে মজুত ৰখাৰ পৰামৰ্শ দিয়ে। 

সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে অনুষ্ঠানটিত অংশগ্ৰহণ কৰি হিতাধিকাৰী সকলক অভিনন্দন জনায়। তেওঁ চৰকাৰে প্ৰদান কৰা সা-সুবিধা সমূহৰ প্ৰতি শুদ্ধ অন্তঃকৰণেৰে হিতাধিকাৰীসকলক কৃতজ্ঞতা স্বীকাৰ কৰিবলৈ আহ্বান জনায়। 

আজিৰ অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে অতিৰিক্ত উপায়ুক্ত মৌচুমী চেতিয়াই।

আজি জিলাখনৰ ১০৬ নং সোণাৰি বিধানসভা সমষ্টি আৰু ১০৫ নং মাহমৰা বিধানসভা সমষ্টিৰ মুঠ ২৫৯ গৰাকী অন্যান্য পিছপৰা শ্ৰেণীৰ হিতাধিকাৰীক প্ৰেছাৰ কুকাৰ আৰু গেছ ষ্ট'ভ বিতৰণ কৰা হয়।