মৰিগাঁৱৰ মাজমজিয়াত সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ । নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পকে ধৰি বৃহৎ নদীবান্ধৰ কাম বন্ধ কৰাৰ দাবীত সমগ্র অসমৰ লগতে মৰিগাঁৱতো ছাত্ৰ সন্থাই এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰি মৰিগাঁও চহৰৰ মাজমজিয়াত NHPCৰ প্ৰতিকৃতি দাহ কৰে । প্ৰতিবাদকাৰী সকলে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধেও তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।