ৰাজ্যবাসীৰ বাবে সুখবৰ৷ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব আৰু এখন দলং৷ শৰাইঘাটত নিৰ্মাণ হ’ব এই দলং৷ ৰে’ল আৰু আন যান-বাহনৰ বাবে দুখলপীয়া ৰূপত নিৰ্মাণ কৰা হ’ব দলংখন৷ বুধবাৰে টুইটযোগে এই কথা ঘোষণা কৰে কেন্দ্ৰয়ী পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে৷ শৰাইঘাটৰ পুৰণি দলঙৰ কাষতে নিৰ্মাণ হ’ব উক্ত দলংখন৷ দলংখনৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৯৯৬ কোটি ৭৫ লাখ টকা অনুমোদন জনাইছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘গতিশক্তি মিছন’ৰ অংশৰূপে উক্ত দলংখন নিৰ্মাণ হ’ব বুলি কেন্দ্ৰীয় মন্ত্ৰীজনে টুইটত প্ৰকাশ কৰিছে৷ এই দলংখন সম্পূৰ্ণ হৈ উঠিলে ৰাজ্যৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থাত গুৰুত্বপূৰ্ণ প্ৰভাৱ পৰিব৷ প্ৰস্তাবিত দলংখনৰ ৩২২ কোটি টকাৰ কামৰ ব্যয় বহন কৰিব ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে৷ শৰাইঘাটৰ তৃতীয়খন দলঙৰ বাবে কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনোৱা বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীক কৃতজ্ঞতা জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ উক্ত দলং নিৰ্মাণৰ ফলত উত্তৰ পূবৰ উন্নয়নত বিশেষ প্ৰভাৱ পৰিব বুলি তেওঁ টুইটত কয়৷ শৰাইঘাটৰ তৃতীয়খন দলঙৰ বাবে কেন্দ্ৰই অনুমোদন জনোৱা বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰীদ্বয় নীতিন গাডকাৰী আৰু অশ্বিনী বৈষ্ণৱক ধন্যবাদ জনাইছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেনৰ মহৎ উদ্দেশ্যক গতিশীলতা প্ৰদানতো এই প্ৰকল্পটোৱে উল্লেখযোগ্য ভূমিকা পালন কৰিব বুলি তেওঁ কয়৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মোৰাঝাৰত কেৰিয়াৰ কাউন্সিলিংৰ সভাত বিন্নাকান্দি খণ্ড উন্নয়ন বিষয়াক প্ৰসংসাৰে উপচায় পেলালে যমুনামুখৰ বিধায়ক চিৰাজ উদ্দিন আজমলে ৷
এখন ৰাজহুৱা সভাত এগৰাকী চৰকাৰী বিষয়াক প্ৰংসাৰে উপচাই পেলালে এজন বিধায়কে ৷
অকল ইমানেই...
Honor 90 Review - A Good Device, But.....
Honor 90 Review - A Good Device, But.....
ৰাজু বৰালৈ গ্ৰাম্য সাংবাদিকতাৰ বঁটা
লখিমপুৰৰ সংবাদ জগতৰ উজ্জ্বল নক্ষত্র পথালিপাহাৰৰ ৰাজু বৰা। দীৰ্ঘদিন ধৰি সংবাদ জগতৰ লগত জড়িত ৰাজু...
जिला कलक्टर ने किया जैतसागर व नवल सागर झील का निरीक्षण
दोनों झीलों को कचरा मुक्त, स्वच्छ रखने के दिए निर्देश
-बूंदी सौंदर्यीकरण परियोजना के...