সাপেখাতী গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত ,সৱল নাৰী, স্বাক্ষৰ শিশু, সুস্থ ভাৰত ৰাষ্ট্ৰীয় পোষন মাহ ২০২২ লগত সংগতি ৰাখি প্ৰকল্প পৰ্যায়ৰ পোষন মেলা অনুষ্ঠিত হয়। অনুষ্ঠানত উপস্থিত থাকে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে বহু কেইগৰাকী বিশিষ্ট অতিথি। পোষন মেলাত অংশগ্ৰহণ কৰি বিধায়ক গৰাকীয়ে উপস্থিত অংগনবাড়ী কৰ্মী সকলক উদ্দেশ্যি শিশু, প্ৰসূতি মাতৃ সকলৰ স্বাস্থ্য যতন ল'বলৈ আহ্বান জনায়। লগতে পোষন মেলা সুন্দৰ ভাৱে আয়োজন কৰা বাবে উপস্থিত বিষয়া কৰ্মচাৰী সকলৰ শলাগ লয়।

উক্ত সভাত উপস্থিত থাকে সাপেখাতী জিলা পৰিষদৰ সদস্য দিগন্ত ৰাজকোঁৱৰ, সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰবীন বৰুৱা, প্ৰকল্প বিষয়া মৌচুমী গগৈ, চুপাৰভাইজাৰ মনিলা ফুকন আৰু বিভিন্ন বিষয় ববীয়া সকলৰ উপৰিও দুই শতাধিক অংগনবাড়ী কৰ্মী।